দৰং আৰক্ষীয়ে দুজনকৈ ধৃত চোৰাংচিকাৰীক আটক কৰে আৰু তাৰে এজন নগালেণ্ডৰ ।ধৃত লোক দুজনৰ পৰা ৩০৩ ৰাইফল উদ্ধাৰ কৰে । আৰক্ষী অধীক্ষক শ্ৰীজিত টৰাভিয়াম পৰা জানিব পোৱা মতে,অক্টোবৰ ৭ তাৰিখে নিশা ৯.৩০ সময়ত জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত,অমিত হোজাই আৰু শ্যামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত কৰ্মকতা,উপ আৰক্ষী অধীক্ষক নিপু কলিতাৰ সহযোগিতাত শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী বজাৰ এলেকাত অভিযান চলাই দুজনকৈ গড় চোৰাংচিকাৰীক আটক কৰে । আটক কৰা লোক কেইজনৰ পৰা ৩০৩ ৰাইফল,১টা মেগজিন, প্ৰায় ৫ টা গোলাবাৰুদ,এটাকৈ চাইলেনচাৰ,সন্দেহকাৰী ট্ৰেংকুইলজাৰ আৰু ৪টা চিৰিঞ্জ উদ্ধাৰ কৰে ।
আটক কৰা লোক দুজন চিনাক্ত কৰা অনুসৰি,ডিমাপুৰৰ ধনশিৰী নিৱাসী বাদৰল খেমাপাইৰ পুত্ৰ শৈলেন্দ্ৰ খেমপাই(৪০) আৰু আন জন নগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধিংৰ শাসিমুদ্দুন গাঁৱৰ খাইৰুল জামান ।