দৰং জিলা কংগ্ৰেছৰ ৰাফেল যুজাৰু বিমান কেলংকাৰীৰ উচিত তদন্ত বিচাৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

দৰং জিলা কংগ্ৰেছৰ ৰাফেল যুজাৰু বিমান কেলংকাৰীৰ উচিত তদন্ত বিচাৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন
Published on

মংগলদৈত দৰং জিলা কংগ্ৰেছে ৰাজীৱ ভৱনৰ পৰা উলিয়াই বৃহৎ সমদল । এই সমদলত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা বসন্ত দাস, দলগাঁও বিধানসভা সমষ্ঠিৰ বিধায়ক ইলিয়াছ আলি , প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী , দৰং জিলা কংগ্ৰেছৰ সভানেত্রী ওৱাহিদা আহমেদ, প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ডঃ জয়নাথ শৰ্মা , কংগ্ৰেছৰ যুৱনেতা কুলদ্বীপ বৰুৱা , দৰং যুৱ কংগ্ৰেছৰ বিষয়ববীয়া সকলে ধৰ্না কাৰ্যসূচী ৰূপায়ন । মংগলদৈ ৰাজীৱ ভৱনৰ পৰা উলিওৱা সমদলত শতাধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্লোগান দি দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ আহি দৰং জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com