দৰং জিলা প্ৰশাসনৰ উদ্যোগত শান্তি সমিতি সভা

দৰং জিলা প্ৰশাসনৰ উদ্যোগত শান্তি সমিতি সভা
Published on

দৰং জিলাৰ উপায়ুক্ত কাৰ্যলয়ত দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা পয্যায়ত শান্তি সমিতিৰ সভা । শদিয়াৰ বৰ্বৰ ঘটনাৰ সংঘটিত পিছত যাতে দৰং জিলাৰ এই ঘটনাৰ প্ৰভাৱ নপৰে তাৰ কাৰণে জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন , জিলা আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিৰ উপস্থিতিত বিভিন্ন দল সংগঠনৰ জ্যেষ্ঠ নাগৰিক, সাংবাদিক একেলগে শান্তি সমিতিৰ সভা অনুস্থিত কৰে ।সমগ্ৰ ঘটনাটোক সকলো পক্ষই গৰিহণা দিয়াৰ লগতে এই ঘটনাই গোষ্ঠীগত সংঘৰ্ষ লৈ কোনেও বিষবাষ্প বিয়পাব নোৱাৰে তাৰ কাৰণে জিলা প্ৰশাসন, জিলা আৰক্ষী তীব্ৰ ভাবে দমন কৰিবলৈ সাজু কৰিছে বুলি জানিব দিয়ে সাংবাদমাধ্যমক । লগতে ছচিয়েল মেডিয়াত উচটনি মূলক মন্তব্য দিয়া সকলক বিৰুদ্ধে তীব্ৰ ভাবে দমন কৰিবলৈ সাজু থকা বুলি জনায় আৰক্ষী অধীক্ষকে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com