দৰঙত গঁড়ৰ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

দৰঙত গঁড়ৰ চোৰাং চিকাৰী গ্ৰেপ্তাৰ
Published on: 

দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিলবাৰী অঞ্চলৰ পৰা গোপন তথ্যৰ পম খেদি দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পি ৰাজখোৱা আৰু দলগাঁও আৰক্ষী থানাৰ উপ - পৰিদৰ্শক জে দৈমাৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে যোৱা নিশা মফিদুল ইচলাম আৰু আব্দুল আলী নামৰ দুটা গঁড়ৰ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে। মফিদুলৰ ঘৰ দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কচাৰীভেটিত আৰু আব্দুলৰ ঘৰ নগাঁৱৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিঘাটত বুলি জানিব পৰা গৈছে। চোৰাং চিকাৰী দুটাৰ পৰা এটা মেগজিন যুক্ত ৩০৩ মাৰ্ক ৰাইফল, ১ টা চাইলেন্সাৰ পাইপ আৰু ১২ টা বিডিআৰ এমুনিচন উদ্ধাৰ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com