দৰঙত গঁড়ৰ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

দৰঙত গঁড়ৰ চোৰাং চিকাৰী গ্ৰেপ্তাৰ
Published on

দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিলবাৰী অঞ্চলৰ পৰা গোপন তথ্যৰ পম খেদি দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পি ৰাজখোৱা আৰু দলগাঁও আৰক্ষী থানাৰ উপ - পৰিদৰ্শক জে দৈমাৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে যোৱা নিশা মফিদুল ইচলাম আৰু আব্দুল আলী নামৰ দুটা গঁড়ৰ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে। মফিদুলৰ ঘৰ দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কচাৰীভেটিত আৰু আব্দুলৰ ঘৰ নগাঁৱৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিঘাটত বুলি জানিব পৰা গৈছে। চোৰাং চিকাৰী দুটাৰ পৰা এটা মেগজিন যুক্ত ৩০৩ মাৰ্ক ৰাইফল, ১ টা চাইলেন্সাৰ পাইপ আৰু ১২ টা বিডিআৰ এমুনিচন উদ্ধাৰ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com