দৰঙত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কৌশল মেলা অনুস্থিত

দৰঙত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কৌশল মেলা অনুস্থিত
Published on

দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ উদ্যোগত বান্দিয়াৰ ইষ্ট মংগলদৈ চুপাৰষ্টাৰ ক্লাৱৰ প্ৰাঙ্গণত ভাৰত চৰকাৰৰ দক্ষতা বিকাশ মন্ত্রালয়ৰ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আচনিৰ সম্পৰ্কত কৌশল মেলা অনুষ্ঠিত হয় । উক্ত কৌশল মেলাৰ উদ্দেশ্য হৈছে শিক্ষিত নিৱনুৱা যুৱক যুৱতী সকলক চৰকাৰৰ পৰা বিনামুলীয়া তিনিমহীয়া প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰি নিৱনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে এই আচনি ৰূপায়ন কৰিছে । এই আচনিৰ সৱিশেষ জনাবৰ বাবে কৌশল মেলাত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষন ৰাখে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তী , দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত পৰিচালক পংকজ কুমাৰ,ইষ্ট মংগলদৈ চুপাৰষ্টাৰ ক্লাৱৰ সভাপতি মনজুৰুল কৱিৰ, উপদেষ্টা চৰকাৰ নজৰুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষক ৰেহান আলি , চৰকাৰী গাঁওবুঢ়া সুৰুজ আলিয়ে । কৌশল মেলাত দুই শতাধিক যুৱক যুৱতী আৰু ৰাইজ উপস্থিত থাকে । কৌশল মেলাৰ সকলো কাৰ্যসূচী ৰ আঁত ধৰে দৰং জিলা কৌশল কেন্দ্ৰৰ কৌশল মিত্ৰ নিৰঞ্জন শইকীয়াই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com