Begin typing your search above and press return to search.

দৰঙত বিজেপি, কংগ্ৰেছ নেতা সহ সাংবাদিকৰ অগপত যোগদান

দৰঙত বিজেপি, কংগ্ৰেছ নেতা সহ সাংবাদিকৰ অগপত যোগদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Nov 2018 1:05 PM GMT

দৰং জিলাত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এক যুদ্ধসদৃশ পৰিবেশ সৃষ্টি হৈ থকাৰ মাজতে জিলাখনৰ একাংশ ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ লগতে সংবাদকৰ্মীয়েও আঞ্চলিকতাবাদক সবল কৰাৰ লক্ষ্যত অগপত যোগদান কৰা ঘটনাই ভৱিষ্যতৰ ৰাজনীতিত এক বিশেষ ইংগিত বহন কৰিছে।

জিলাখনত দুদিনপূৰ্বে শাসকীয় দল বিজেপি, এ আই ইউ ডি এফ, কংগ্ৰেছৰ একাংশ নেতা কৰ্মীয়ে আঞ্চলিকদলটোত যোগদান কৰাৰ পিছত আন একাংশ নেতা কৰ্মীয়ে কালি আন একাংশ নেতাকৰ্মীয়েও আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে।

দৰং জিলা অগপৰ কাৰ্যালয়ত জিলা সভাপতি কমলেশ্বৰ বৰুৱা, সম্পাদক স্বৰাজ ডেকাৰ উপস্থিতিত প্ৰাক্তন ছাত্র নেতা তথা সংবাদকৰ্মী টংকেশ্বৰ বৰুৱা, দৰং জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা সূৰ্যজ্বলা ভানু, কংগ্ৰেছ কৰ্মী মইনুল হক আৰু প্ৰাণজ্যোতি শৰ্মা সহ অগপত যোগদান কৰে।

আনহাতে বিজেপিৰ কাম কাজত ক্ষুন্ন হৈ বিজেপিৰ দৰং অনুসুচিত জাতি মৰ্চাৰ উপ সভানেত্ৰী পুতুলী দাসে বিজেপি ত্যাগ কৰি অগপত যোগদান কৰে।অগপৰ এনে সবল স্থিতিয়ে আগন্তুক সময়ত বিজেপি আৰু কংগ্ৰেছৰ ভেটি উচন কৰিব সেইটো খাটাং।

Next Story
চাকৰি