Begin typing your search above and press return to search.

দৰঙত বিশ্ব স্তনপান সপ্তাহ উদযাপন

দৰঙত বিশ্ব স্তনপান সপ্তাহ উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:01 AM GMT

সমগ্র বিশ্বৰ লগতে দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ১ আগষ্টৰ পৰা সপ্তাহযোৰাকৈ সমগ্ৰ দৰং জিলাতে বিশ্ব স্তনপান সপ্তাহ আৰম্ভ হৈছে। শিশু সকলক মাতৃ দুগ্ধৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰি তোলাৰ বাবে আয়োজন কৰা এই স্তনপান সপ্তাহৰ লগত সংগতি ৰাখি জিলাখনৰ প্ৰতিখন উপ-স্বাস্থ্য কেন্দ্ৰত সজাগতা সভা অনুষ্ঠত কৰা হৈছে। ইতিমধ্যে ১আগষ্টত প্ৰতিখন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ একোখনকৈ উপ-স্বাস্থ্য কেন্দ্ৰত শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সজাগতা সভাৰ জৰিয়তে প্ৰসূতি মাতৃ আৰু গৰ্ভৱতী মহিলা সকলক নৱজাতক শিশুক স্তনপান সম্পৰ্কত বিশদভাৱে জ্ঞান দিয়াৰ ব্যৱস্থা কৰিছে দৰং জিলাৰ স্বাস্থ্য বিভাগে। বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত স্তনপান সন্দৰ্ভত থকা অন্ধবিশ্বাস সমূহ এনে ধৰণৰ সজাগতা সভাই আতৰ কৰিব বুলি স্বাস্থ্য বিভাগে আশা প্ৰকাশ কৰিছে।সেইমতে অহা ৩ আৰু ৪ আগষ্টত ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থকেন্দ্ৰত হবলগীয়া সজাগতা সভাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপ-অধীক্ষক তথা বিশিষ্ট চিকিৎসক ডাঃ হিতেশ ডেকাই অংশগ্ৰহণ কৰিব।

Next Story
চাকৰি