Begin typing your search above and press return to search.

দৰঙত সচেতন নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট

দৰঙত সচেতন নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2018 2:40 PM GMT

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী স্বচ্ছ আৰু নিকা কৰাৰ দাবীত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মঙলদৈত সচেতন নাগৰিক মঞ্চ, অসমৰ দৰং জিলা সমিতিৰ উদ্যোগত মঙলদৈ জিলা পুথিভঁৰালত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে। অৱস্থান ধৰ্মঘটৰ শেষত জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিভিন্ন বিসংগতি দূৰ কৰি এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ বাবে ৯ টা দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰা বুলি মঞ্চৰ জিলা প্ৰমুখ তৰুণ দাসে জনাইছে।

Next Story
চাকৰি