দৰঙত ৰাজসাহায্য যুক্ত টেক্টৰ বিতৰণৰ শুভৰম্ভ

দৰঙত ৰাজসাহায্য যুক্ত টেক্টৰ বিতৰণৰ শুভৰম্ভ
Published on

প্ৰধানমন্ত্ৰী মোদীৰ সপোন বাস্তৱত প্ৰতিপন্ন কৰাৰ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে " মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা" নামৰ অভিলাসী আঁচনি খনৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰতিখন ৰাজহ গাঁওত একোখনকৈ ৰাজসাহায্যযুক্ত টেক্টৰ খেতিয়ক গোটক যোগান ধৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দৰং জিলাটো বৃহস্পতি বাৰে টেক্টৰ বিতৰণৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয় । জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত জিলা পুথি ভঁৰালত আয়োজন কৰা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠান অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য ই দৰং জিলাৰ কৃষক গোটৰ মাজত টেক্টৰ বিতৰণ অনুষ্ঠানিক শুভৰম্ভ কৰে । প্ৰথম পয্যায়ত জিলা পয্যায়ৰ বাচনি কমিটিয়ে উক্ত গাঁওৰ পৰা একোখনকৈ অহা আবেদন সমূহৰ ভিতৰত ১৫০ খন গাঁৱৰ কৃষক গোটলৈ টেক্টৰ যোগানৰ যাবতীয় অনুমোদন জনাইছে। ইয়াৰে কলাইগাঁও সমষ্টিৰ ১৫ টা, ছিপাঝাৰৰ সমষ্টিৰ ৬৬ টা, মঙ্গলদৈ সমষ্টিৰ ৪৭ টা, আৰু দলগাওঁ সমষ্টিত ২২ টা কৃষক গোটে অনুমোদন লাভ কৰিছে উক্ত অনুষ্ঠানত উপস্থিত থাকে মঙ্গলদৈ ৰ বিধায়ক গুৰুজ্যোতি দাস আৰু দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com