Begin typing your search above and press return to search.

দৰঙত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

দৰঙত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:20 AM GMT

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰে দেশজুৰি ৭ আগষ্টৰ দিনটো উদযাপন কৰি অহা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে দৰঙ জিলাতো উদযাপন কৰা হয়। দৰং জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উদোগত উদযাপন কৰা চতুৰ্থ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ এখন সভাত উপস্থিত থাকি দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলাখনৰ জিলাখনৰ শিপিনী সকলক নিজৰ ভৰিত থিয় দি স্ব-নিৰ্ভৰশীল জীৱন আৰম্ভ কৰিবলৈ আহবান জনায়। জিলাখনৰ মহিলাসকল ত্যাগী আৰু কষ্ট কৰিবপৰা বুলি নিজৰ ভাষণত উল্লেখ কৰে। জিলাখনৰ শিপিনী সকল সংঘবদ্ধ হৈ সমূহীয়া পদ্ধতিত কাপোৰ কাপোৰ বোৱা এক সংগ্ৰাম আৰম্ভ কৰিবলৈকো অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আহবান জনাই।

হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তগৰাকীয়ে চলিত বৰ্ষত জিলাখনৰ শিপিনী সকলে উৎপাদন কৰা থলুৱা গামোছা বিক্ৰী কৰি মাত্ৰ ৫ দিনত ৫ লাখ টকা উৰ্পাজন কৰা বুলি সভাখনত উল্লেখ কৰি অহাবৰ্ষত ৫ হাজাৰ গামোছা উৎপাদন কৰি ৫০ লাখ টকা উপাৰ্জন কৰাৰ বাবে তৎপৰতা চলোৱা বুলি ব্যক্ত কৰি শিপিনী সকলৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰে পংকজ চক্ৰৱৰ্তীয়ে।

জিলা হস্তঁতাত বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক বিপুল কলিতাই আতঁধৰা সভাখনৰ জিলা উন্নয়ণ আয়ুক্ত চুইটি গগৈ কলিতা, দৰং জিলা বিজেপিৰ সভানেত্ৰী নীলিমা দেৱী, সাধাৰণ সম্পাদিকা শেৱালি গোস্বামী কলিতা, সম্পাদক মুকুন্দ ডেকা, বন্ধন বেংকৰ পৰিচালক দীপ্ত দাস, জিলা অগ্ৰণী বেংক বিষয়া উপস্থিত থকাৰ লগতে সাধাৰন ৰাইজ উপস্থিত থাকে।

Next Story
চাকৰি