দৰঙৰ ঐতিহ্যপূৰ্ণ খটৰা সত্ৰত আজিৰে পৰা পাচেতি মহোৎসৱ

দৰঙৰ ঐতিহ্যপূৰ্ণ খটৰা সত্ৰত আজিৰে পৰা পাচেতি মহোৎসৱ
Published on

৪৫০ বছৰীয়া পৰম্পৰাৰে ঐতিহাসিক দৰঙৰ খটৰা সত্ৰত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসুচীৰে আৰম্ভ হৈছে পাচেতি মহোৎসৱ ৷প্ৰায় পাঁচ লক্ষাধিক লোকৰ সমাগম ঘটা পাচেতিত শান্তি শৃংখলা ৰক্ষা আৰু যানবাহন নিয়ন্ত্ৰণৰ বাবে দৰং জিলা প্ৰশাসনে নিয়োগ কৰিছে অতিৰিক্ত বাহিনী ৷নামনি অসমৰ অন্যতম বৃহৎ অনুষ্ঠান হিচাবে পৰিগনিত হৈ অহা খটৰা সত্ৰৰ পাচেতি মহোৎসৱ মুলত বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ লোকৰ সমন্বয়ৰ অনুস্থান হিচাপে উদযাপিত হৈ আহিছে ৷যদিও ভগবান কৃষ্ণৰ জন্মৰ সতে সংপৃষ্ঠ হৈ অহা অনুষ্ঠান তথাপি হিন্দু ধৰ্মৰ লোকসকলৰ সমানেই ইছলামধৰ্মী আৰু খ্ৰীষ্টান ধৰ্মালম্বী লোক সকলেও যথেষ্ট উৎসাহ উদ্দিপনাৰে অংশ লয় খটৰাৰ পাচেতিত ৷পাঁচদিনীয়াকৈ আৰম্ভ হোৱা এই মহোৎসৱত পৰাম্পৰাগত বিভিন্ন কৃষ্টি প্ৰৰ্দশিত হোৱাৰ উপৰিও ধৰ্মীয় সভা অনুস্থিত হব৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com