দৰঙৰ দিপীলাত মুকলি হল বৃদ্ধাশ্ৰম

দৰঙৰ দিপীলাত মুকলি হল বৃদ্ধাশ্ৰম
Published on

দৰং জিলাৰ দিপীলাৰ গভৰাত আজি মুকলি হয় দৰঙৰ প্ৰথমখন বৃদ্ধাশ্ৰম । মঙলদৈ নিবাসী তথা গভৰাৰ সু সন্তান হেৰম্ব নাথ বৰাই পিতৃ প্ৰয়াত তুলসী নাথ বৰাৰ সোৱঁৰণত পৈতৃক গৃহ সহ ১২ বিঘা মাটি সমাজসেৱী ডাঃ স্বৰ্ণা দেৱী নেতৃত্বাধীন থ্ৰী মাডাৰ্চ এন জি অক বৃদ্ধাশ্ৰমখনৰ দান দিয়ে।

দিনৰ ১২ বজাত সহস্ৰাধিক লোকৰ উপস্থিতিত বৃদ্ধাশ্ৰম খন মুকলি কৰে দুনী মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ চন্দ্ৰ চহৰীয়াই । আনুষ্ঠানিক ভাৱে আয়োজন কৰা উদ্বোধনী অনুষ্টানত অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভূঞাই ড' স্বৰ্ণা দেৱীয়ে সমাজখনৰ কাৰণে বিশেষকৈ মহিলা সকলৰ উত্তৰণৰ ক্ষেত্ৰত সদায়েই ভাল কাম কৰি আহিছে, এইটো এটা জিলাখনৰ বাবেই ভাল খবৰ বুলি উল্লেখ কৰে।

সভাত মঙলদৈ প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল খালেকে বৰ্তমান সময়ত অভিভাৱকে লৰা ছোৱালিক "ভাল মানুহ " মানে ডাক্তৰ ইঞ্জিনীয়াৰ বনাব খোজে, প্ৰকৃত ভাল মানুহ শিক্ষা নিদিয়াৰ ফলত বৃদ্ধাশ্ৰমৰ প্ৰয়োজন অনুভৱ হৈছে বুলি উল্লেখ কৰে। বিশিষ্ট অভিনেতা নয়ণ নিৰ্বানে আঁত ধৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com