দৰঙৰ মৰেলপুলিচগিৰি সন্দৰ্ভত আছুৰ ৰাজহুৱা সভা

দৰঙৰ মৰেলপুলিচগিৰি সন্দৰ্ভত আছুৰ ৰাজহুৱা সভা
Published on

মঙলদৈ থানাৰ অন্তৰ্গত মহলীয়াপাৰাত যোৱা ১৮ চেপ্তেম্বৰত ছাগলী চোৰ ধৰিবলৈ গৈ হোৱা মৰেল পুলিচগিৰিৰ ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। এই সন্দৰ্ভত মহলীয়াপাৰাত আছুৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । শিশু উন্নয়ন বিষয়া গৌতম চহৰীয়াই আঁতধৰা সভাখনত দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰী জিৎ টিয়ে কোনো কাৰনতে আইন হাতত তুলি নলবলৈ ৰাইজক সকীয়াই দিয়ে। আৰক্ষীক সহায় কৰিবলৈ যোৱা বুলি কৈ কিয় গাড়ীখন ভাঙিলে বুলিও আৰক্ষীয়ে ৰাইজক প্ৰশ্ন কৰে। অঞ্চলটোত হোৱা অবাধ মদৰ প্ৰচলনেও এক সমস্যাৰ দেখা দিয়া বুলিও উল্লেখ কৰে। প্ৰায় দুই শতাধিক লোক উপস্থিত থকা সভাখনত একাংশলোকে বৈদ্যুতিক মাধ্যমৰ সাংবাদিকৰ ওপৰত ক্ষোভ ব্যক্ত কৰে যদিও সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ চহৰীয়াই মহলীয়াপাৰাবাসীয়ে আগলৈ এনে ভুল নকৰে বুলি আশ্বাস দিয়ে। সভাত প্ৰাক্তন সৈনিক পুৰন্দৰ ডেকা, সমাজসেৱক মৃদুল কলিতা, কিশোৰ ডেকা আৰু মহলীয়াপাৰা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল নাথ আৰু সাধাৰণ সম্পাদক বিপুল ভূঞাই বক্তব্য আগবঢ়াই। আছুই অঞ্চলটোত কেইবাখনো সজাগতা সভা অনুষ্ঠিত কৰাৰ সিন্ধান্ত গ্ৰহন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com