দৰবাৰৰ দ্বাৰা দৰ্শকৰ মাজলৈ আহি আছে দক্ষিণ ভাৰতৰ অভিনেতা ৰজনীকান্ত

দৰবাৰৰ দ্বাৰা দৰ্শকৰ মাজলৈ আহি আছে দক্ষিণ ভাৰতৰ অভিনেতা ৰজনীকান্ত
Published on

দক্ষিণ ভাৰতৰ অভিনেতা ৰজনীকান্ত বুলি মনলৈ আহে ব্লক ব্লাষ্টাৰ শব্দটো ৷ কাৰণ ৰজনীকান্ত আৰু ছুপাৰহিট ছবি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ সম্প্ৰতি ৰজনীকান্তৰ দৰবাৰ ছবিখনৰ ফাষ্ট লুক মুক্তি লাভ কৰিছে ৷ এই ছবিখনত ৰজনীকান্ত পুলিছ অফিচাৰৰ চৰিত্ৰত অভিনয় কৰিছে। প’ষ্টাৰখনত ৰজনীকান্তে হাঁহিৰে সৈতে ক’লা চচমা পৰিধান কৰা দেখা গৈছে ৷

লগতে প’ষ্টাৰখনত আৰক্ষী প্ৰশাসনক প্ৰতিনিধিত্ব কৰা বহু সামগ্ৰীক দেখা গৈছে। ছবিখন নিৰ্দেশনা কৰিছে এআৰ মুৰুগাদাসে কৰিছে ৷ ইফালে ছবিখনৰ প’ষ্টাৰ টুইটাৰ একাউন্টত শ্বেয়াৰ কৰিছে ৷ দৰবাৰ ছবিখন মুক্তি পাব ২০২০ চনৰ ১০ জানুৱাৰীত ৷ দৰবাৰ ছবিৰ প’ষ্টাৰে আপোনাক ৰনৱীৰ সিঙৰ চিম্বা"লৈ মনত পেলাই দিব ৷ চিম্বাত ৰনৱীৰ সিঙে পুলিছৰ চৰিত্ৰত অভিনয় কৰিছিল । ৰনৱীৰ সিঙৰ অভিনয়ক দৰ্শকে আদৰি লৈছিল ৷

অন্যহাতে দৰবাৰ ছবিখনৰ নাম প্ৰথমে থলবাৰ ১৬৭ ৰাখিছিল যদিও পিছত ছবিখনৰ নাম পৰিৱৰ্তন কৰে। দৰবাৰ ছবিখনত ৰজনীকান্তৰ বিপৰীতে অভিনয় কৰিব নয়নতাৰাই ৷ আৰু দুয়োজন অভিনেতাৰ এইখন হৈছে চতুৰ্থখন ছবি ৷ইয়াৰ পূৰ্বতে ৰজনীকান্ত আৰু নয়নতৰাই চন্দ্ৰমুখী,কুচেলন আৰু শিৱাজী ছবিত অভিনয় কৰিছিল ৷

উল্লেখ যে দক্ষিণ ভাৰতৰ লগতে সমগ্ৰ বিশ্বত ৰজনীকান্ত প্ৰসিদ্ধ বুলিও ক’লেও ভূল কোৱা ন’হব।কণমানিৰ পৰা বয়োজেষ্ঠ্য জনলৈ প্ৰত্যেকজনৰ হৃদয়ত এখন বিশেষ আসন দখল কৰিবলৈ সক্ষম হৈছে দক্ষিনৰ ছুপাৰষ্টাৰ ৰজনীকান্তে ৷ ৰজনীকান্ত আৰু হিটছবি যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ আজি তামিলনাডুকে ধৰি বিশ্বৰ অসংখ্য লোকে ৰজনীকান্তক হৃদয়ত এটি বিশেষ ঠাইত ৰাখে ৷ শিৱাজীৰাও গায়কবাড় অৰ্থাৎ ৰজনীকান্তৰ জন্ম হৈছিল ১৯৫০ চনৰ ১২ ডিচেম্বৰত ৷ কৰ্ণাটকত জন্মগ্ৰহণ কৰা ৰজনীকান্তৰ পিতৃ ৰামোজী আছিল আৰক্ষী কনিষ্টবল ৷ ৰজনীকান্তৰ ৫ বছৰ বয়সতে মাতৃ জীজাবাঈৰ মৃত্যু হয় ৷ ১৯৮১ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৰজনীকান্তে লতা ৰংগাচাৰীৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷অন্যহাতে, বহু ঘাত প্ৰতিঘাতৰ মাজৰে ৰজনীকান্তে বলীউড তথা টলীউডত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

ৰজনীকান্তক জনসাধাৰণ বা অনুৰাগীসকলে অভিনেতা হিচাপেই ভাল নাপায়; ভাল পায় এজন হৃদয়বান ব্যক্তি হিচাপে ৷ৰজনীকান্তে যিকোনো ছবি কৰি যি টকা উপাৰ্জন কৰে ৷ সেই টকা ছবিখন বক্স অফিছত নছলিলে বা দৰ্শকে আদৰি নললে প্ৰমোশ্যনৰ বাবে লোৱা টকা ৰজনীকান্তে প্ৰযোজক নিৰ্মাতাক ঘূৰাই দিয়ে ৷ লগতে ৰজনীকান্তে এতিয়ালৈকে কোনো বিজ্ঞাপনত অভিনয় কৰা নাই ৷ ইফালে প্ৰায় ৩৬০ কোটি টকাৰ মালিক দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত ৷ কিন্তু বিশাল সম্পত্তি থকাৰ পিছতো অত্যন্ত সাধাৰণ জীৱন যাপন কৰে ৰজনীকান্তে ৷ ছবি বা অন্যান্য যিকোনো ক্ষেত্ৰত যিখিনি উপাৰ্জন কৰে তাৰ আধায়েই দান কৰি দিয়ে ৰজনীকান্তে ৷ জনপ্ৰিয় ফ’ৰ্বছ আলোচনীত সকলোতকৈ বেছি উপাৰ্জন কৰা ষ্টাৰ সকলৰ ভিতৰত ২০১৮ চনত ৫০ কোটি উপাৰ্জন কৰা ৰজনীকান্তৰ স্থান হৈছে ১৪ ৷

সচাঁকৈয়ে ইমান পৰিমাণৰ ধন উপাৰ্জন কৰিও কিন্তু ৰজনীকান্তৰ কোনো অহংকাৰ নাই,নাই কোনো আক্ষেপ৷ অসংখ্যজনক সহায় কৰি অসংখ্যজনৰ হৃদয়ত স্থান পাবলৈ সক্ষম হোৱা তথা বহুতৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা ৰজনী কান্তক জনতাই এজন অভিনেতা হিচাপেই নহয় এজন হৃদয়বান,দানৱীৰ ৰূপত শ্ৰদ্ধা কৰে,মৰম কৰে ৷ গতিকে দীৰ্ঘায়ু হওক ৰজনীকান্ত ৷ এইয়াই আশা জনসাধাৰণৰ লগতে ৰজনীকান্তৰ অনুৰাগীৰো ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com