ধপাত নিয়ন্ত্ৰণৰ কাৰণে গুৱাহাটী প্ৰেছক্লাবত সংবাদমেল আয়োজন

ধপাত নিয়ন্ত্ৰণৰ কাৰণে গুৱাহাটী প্ৰেছক্লাবত সংবাদমেল আয়োজন
Published on

ধপাত নিয়ন্ত্ৰণৰ কাৰণে এক বিশেষ পদক্ষেপ কামৰূপ মহানগৰ ধপাত নিয়ন্ত্ৰণ কোষ আৰু অসম ৰাজ্যিক কোষৰ ৷ মংগলবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত ধপাত নিয়ন্ত্ৰণ শীৰ্ষক এক সংবাদমেল আয়োজন অনুষ্ঠিত হয় ৷ সংবাদমেলখনত উপস্থিত থাকে অসম ৰাজ্যিক ধপাত নিয়ন্ত্ৰণ কোষৰ বিষয়া অৰুন্ধুতি ডেকা ৷

ইফালে সংবাদমেলখনত ৩১ মে’ তাৰিখে হ’ব লগা বিশ্ব ধপাত বিহীন দিৱস সম্পৰ্কে আলোচনা হয়।সংবাদমেলখনত অসম ৰাজ্যিক ধপাত নিয়ন্ত্ৰণ কোষৰ বিষয়া অৰুন্ধুতি ডেকাই বিদ্যালয়সমূহ ধপাত মুক্ত কৰাৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ প্ৰসংগৰ কথা উল্লেখ কৰে ৷

ধপাত বিৰোধী আইনখনৰ জৰিয়তে বিভাগীয় সকলো বিষয়া কৰ্মচাৰীৰ সহিতে সজাগতা অভিযান অনাৰ কথাও উল্লেখ কৰে ৷ ইফালে ধপাতকে আদি কৰি যিবোৰ মাদক দ্ৰব্যৰ প্ৰতি মানুহৰ আসক্তি বৃদ্ধি পায়, তেওঁলোকে যদি ধপাত অতি শীঘ্ৰেই এৰিব বিচাৰে,তেতিয়া তেওঁলোকক সহায় কৰিব কাৰণে যে বিভিন্ন সংস্থা আছে সেই কথাও উল্লেখ কৰিলে অৰুন্ধুতি ডেকাই ৷ লগতে এই ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে গুৱাহাটী মেডিকেল কলেজত সেৱা আগবঢ়োৱা হয়।

অন্যহাতে যুৱ প্ৰজন্মৰ মাজত ধপাতৰ ব্যৱহাৰৰ পৰিমাণ হ্ৰাস কৰিবৰ কাৰণে এক সজাগতা অনাৰ কথাও উল্লেখ কৰে বিষয়া অৰুন্ধুতি ৰয়ে। আৰু ধপাত ব্যৱহাৰৰ ফলত হ’ব পৰা স্বাস্থ্যৰ অৱনতি সম্পৰ্কেও সকলোৰে মাজত প্ৰচাৰ কৰাৰ কথাও উল্লেখ কৰে ৷ উল্লেখ্য যে ভাৰতত প্ৰতি বছৰে ধপাত ব্যৱহাৰ কৰি ১৩ লাখ লোকৰ মৃত্যু হয় ৷ আৰু ভাৰতত প্ৰতিদিনে ধপাত ব্যৱহাৰ কৰি মৃত্যু হয় প্ৰায় ৩৩০০ জন ৷ অসমৰ জনসংখ্যাৰ ৪৮.৩ শতাংশ মানুহে যিকোনো ধৰণৰ ধপাত ব্যৱহাৰ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com