ধপাত মুক্ত অসম: শিক্ষা বিভাগৰ আদৰণীয় পদক্ষেপ

অসম চৰকাৰ, শিক্ষা বিভাগৰ উল্লেখনীয় পদক্ষেপ'প্লেডজ ফৰ লাইফ' ৰ জৰিয়তে অসমৰ ৩৩ খন জিলাৰ ব্লকআৰু পঞ্চায়ত পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক ১ ডিচেম্বৰ, ২০১৮ত ধপাত গ্ৰহণ নকৰিবলৈ অঙ্গীকাৰবদ্ধ কৰোৱা হ'ব | অসমৰ শিক্ষা বিভাগৰ আয়ুক্তই উল্লেখ কৰা অনুসৰি, “অসমৰ ৫০,১৩১ খন চৰকাৰী বিদ্যালয়ত ৪৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীসকলে এক সুস্থ জীৱন-যাপন কৰে আৰু ধঁপাতৰ ফলত হোৱা ৰোগৰ পৰা মুক্ত হয় , তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল গেটৱে ত হোৱা এক সজাগতা সভাত ধপাত গ্ৰহণে এখন ঘৰ, এখন সমাজ কেনেদৰে ধ্বংস কৰিব পাৰে সেইবিষয়ত বিস্তৃত ভাৱে আলোকপাত কৰা হয়।
অসম চৰকাৰৰ এই পদক্ষেপত সম্বন্ধ হেল্থ ফাউণ্ডেচন, আচাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন, টাটা ট্ৰাষ্ট, কাছাৰ কেন্সাৰ কেয়াৰ হাস্পতাল, ৰটাৰীক্লাৱ আৰু ইণ্ডিয়ান ডেন্টেল এছ'চিয়েছনে সহযোগ কৰিছে |শিক্ষা বিভাগৰ নিৰ্দেশনামৰ্মে, এই অঙ্গীকাৰ এনেধৰণৰ, “মই তামোল বা ধঁপাতৰ কোনো ধৰণৰ দ্রব্য যেনে চিগাৰেট, বিড়ি বা অন্যান্য চোঁবাই খোৱা ধঁপাত যেনে গুটখা আদি মোৰ জীৱনত কেতিয়াও সেৱন নকৰোঁ আৰু লগতে মোৰ পৰিয়ালৰ লোক আৰু বন্ধুবৰ্গকো সেৱন নকৰিবলৈ উপদেশ দিয়াৰ অঙ্গীকাৰ গ্ৰহণ কৰিছোঁ |”
সম্বন্ধ হেল্থ ফাউণ্ডেচনে এক এণ্ড্ৰইড এপ্লিকেচন 'প্লেডজ ফৰ লাইফ' গঠন কৰিছে |বিদ্যালয়সমূহে এটা ভিডিঅ' ডাউনলোড কৰিব য'ত এই কথা দেখুওৱা হ'ব কিদৰে ধঁপাতৰ দ্বাৰা এজন লোকৰ জীৱন আৰু তেওঁৰ পৰিয়ালৰ ক্ষতি সাধন হয় |এই ভিডিঅ'ৰ জৰিয়তে শিক্ষাৰ্থীসকলক ধঁপাত সেৱনৰ ফলত হোৱা ক্ষতিসমূহ জনোৱাৰ পিছত তেওঁলোকক অঙ্গীকাৰবদ্ধ কৰা হ'ব |বিদ্যালয়সমূহে এণ্ড্ৰইড এপ্লিকেচন 'প্লেডজ ফৰ লাইফ'ত এই অনুষ্ঠানৰ অন্তত একপি ফটোগ্ৰাফ আৰু অঙ্গীকাৰ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অন্তৰ্ভুক্ত কৰিব লাগিব |
সম্বন্ধ হেল্থ ফাউণ্ডেচনৰ স্থাপক আৰু মূখ্য ধঁপাত নিয়ন্ত্ৰক সঞ্জয় শেঠে কয়, “প্লেডজ ফৰ লাইফ অভিযানৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত এনে এক পৰিবেশৰ সৃষ্টি কৰা হ'ব যে তেওঁলোকে ধঁপাত আটাইতকৈ অপ্ৰয়োজনীয় দ্রব্যৰূপে গ্ৰহণ কৰিব | গৱেষণাত পোৱা গৈছে যে যি কাৰ্যত ল'ৰা-ছোৱালী/শিশুসকলে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰে, তেনে কাৰ্যৰ দ্বাৰা তেওঁলোকক পতিয়ন নিয়া সহজ | এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ শিক্ষা বিভাগক ল'ৰা-ছোৱালীৰ স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা এই মহান পদক্ষেপৰ বাবে ধন্যবাদ জনাইছোঁ |”
ধঁপাত সেৱনৰ ফলত ভাৰতত প্ৰত্যেক বছৰে ১৩.৫ লাখতকৈ অধিক লোকৰ জীৱননাশ হয় | অসমতধঁপাত সেৱনৰ ফলত মৃত্য়ু হোৱা লোকৰ সংখ্যাভাৰতৰ ভিতৰত ২৮.৬% আৰু এনে লোকৰ প্ৰায় আধাঅংশৰ বয়স ১৫ বছৰতকৈ অধিক | ভইচ অৱ টৱাক' ভিক্টিম (VoTV)ৰ পৃষ্ঠপোষক ড° অশোক দাসে কয়, "কৰ্কট ৰোগীৰ সংখ্যা দিনক দিনেবাঢ়ি গৈ আছে আৰু দুখৰ কথা যে আজিকালি তৰুণ প্ৰজন্মৰ লোকসকলো এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ'বলৈ ধৰিছে | যদি আমি ধঁপাত বৰ্জন কৰিব পাৰো তেন্তে আমি ৫০ শতাংশ কৰ্কট ৰোগক বাধা দিব পাৰিম | মুখৰ আৰু শ্বাসযন্ত্ৰৰ কৰ্কট ৰোগৰ ৯০% ধঁপাত সেৱনৰ ফলত হয় | এই অভিযানৰ জৰিয়তে ধঁপাত সেৱন বৰ্জনৰ চেষ্টা কৰা হৈছে আৰু ই ধঁপাতৰ ফলত হোৱা ক্ষৰি ৰোধ কৰাত এক ফলপ্ৰসু পদক্ষেপৰূপে প্ৰমাণিত হ'ব | লগতে তেওঁ জনায় কৰ্কট ৰোগৰ ফলত যি মানসিক কষ্ট পোৱা যায় সেইবোৰ কেৱল ৰোগী জন আৰু ৰোগী গৰাকীৰ পৰিয়ালেহে ভোগ কৰে।
সভাত তথ্য সম্বলিত ভাৱে দেখুওৱা হয় যে, গ্লবেল এডাল্ট টবাক' চাৰ্ভে ২০১৭ (GATS)ৰ মতে অসমত এক কোটিৰোঅধিক ধঁপাত সেৱনকাৰী আছে য'ৰ ১৩.৩ লাখ লোকেধুমপান কৰে, ১৮.৮ লাখ লোকে বিড়ি সেৱন কৰে আৰু৯১ লাখ লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে | জি.এ.টি.এচ. (GATS) ২০১৭ অনুসৰি অসমত ৬২.৯% পুৰুষ, ৩২.৯% মহিলা আৰু ৪৮.২% সকলো প্ৰাপ্তবয়স্ক (১৫ বছৰৰ উৰ্দ্ধৰ) লোকে ধোঁৱাযুক্ত বা ধোঁৱাবিহীন ধঁপাত সেৱন কৰে | তথ্য অনুসাৰে, ২৫.৩% পুৰুষ, ০.৮% মহিলা আৰু ১৩.৩% প্ৰাপ্তবয়স্ক লোকে ধুমপান কৰে, আনহাতে ৫০.৫% পুৰুষ, ৩২.৫% মহিলা আৰু ৪১.৭% প্ৰাপ্তবয়স্ক লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে |
আচাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (টাটা ট্ৰাষ্টৰ) ড৹ এন. কে. হাজৰিকাই কৈছে, “অসমত য'ত প্ৰাপ্তবয়স্কসকলৰ অৰ্ধসংখ্যক লোকে ধঁপাত সেৱন কৰে, এনে এটি পদক্ষেপৰ দ্বাৰা ইয়াৰ প্ৰচলন হ্ৰাস কৰাত নিশ্চয় সহায়ক হ'ব |”লগতে ড° নিৰ্মল কুমাৰ হাজৰিকাই উল্লেখনীয় ভাৱে এই কথা সদৰি কৰে যে বিগত ৪ বছৰত অসমৰ ৮ খন জিলাত ৰাজহুৱা স্থানত ধপাত গ্ৰহণৰ বাবে মাত্ৰ ৮০০ চালানহে আৰক্ষীয়ে কাটিছে। যদিও আমি সদায় আমাৰ সন্মুখত ৰাজহুৱা স্থানত ধপাত গ্ৰহণ কৰা , শিক্ষা অনুষ্ঠানৰ নিচেই কাষতে ধপাতৰ প্ৰচলন দেখিয়ে আহিছো।
এইক্ষেত্ৰত আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণৰ সময় আহি পৰিছে।
অন্য খবৰৰ বাবে পঢ়ক:ৰাজ্যিক বাতৰি