
তিনিচুকীয়া ধলাৰ বিচনীমুখ খেৰবাৰী গাঁৱত নিহত হোৱা ব্যক্তিৰ ঘৰত মংগলবাৰে উপস্থিত হয় অন্টু চাওদাং আৰু প্ৰৱাল নেওগৰ নেতৃত্বত আলফাৰ আলোচনাপন্থী গোট আৰু খিলঞ্জীয়া মঞ্চৰ এটা প্ৰতিনিধি দল ৷
ডুমডুমাৰ ছৈখোৱাঘাট আৰক্ষী থানাৰ অন্তৰ্গত খেৰবাৰী বিচনীমুখ গাঁওত যোৱা ১ নবেম্বৰ ২০১৮ তাৰিখে ছয় জনীয়া সেনা পোছাক পৰিধান কৰি অহা দলটোৱে নিবিচাৰে ছয়জন নিৰীহ লোকক গুলীয়াই হত্যা কৰে উক্ত ঘটনাই ৰাজ্য খনত কপাঁই তুলিছিল ৷
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খেৰবাৰী গাঁৱলৈ প্ৰায় আধা কিলমিটাৰ খোজ কাঢ়ি সমদল কৰি আহে দলটোৱে৷ পৰিয়ালবৰ্গৰ লোকক সমবেদনা জ্ঞাপন কৰি ড° ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে..."এই গীতটিক মূলমন্ত্ৰ হিচাপে লৈ দুৰ্ভগীয়া পৰিয়ালকেইটিত সমবেদনা জ্ঞাপনেৰে শান্তি সম্প্ৰীতিৰ লগতে এনে ঘটনা পুনৰাবৃত্তি নোহোৱাৰ কামনা কৰাৰ লগতে দুস্কৃতিকাৰী কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ আহ্বান জনায় ৷