ধুবুৰীত উদ্ধাৰ বিৰল প্ৰজাতিৰ বনৰৌ

ধুবুৰীত উদ্ধাৰ বিৰল প্ৰজাতিৰ বনৰৌ
Published on: 

শনিবাৰে নিশা ধুবুৰী জিলাৰ চাপৰৰ বেতবাৰীত উদ্ধাৰ হয় এটা বিৰ়ল প্ৰজাতিৰ বনৰৌ।একাংশ দুষ্টচক্ৰই বনৰৌটো চিকাৰ কৰি হত্যা তথা বিক্ৰী কৰাৰ প্ৰচেষ্টা চলাওতে বহলপুৰ আঞ্চলিক বন কায্যালয়ৰ অধীনস্থ আৰেয়াৰঝাৰ বন পৰীক্ষণ চকীৰ বনকৰ্মী জামালুদ্দিন আহমেদ, বসন্ত কলিতা আৰু মান্নাফ আলীৰ তৎপৰতাত ঘটনাস্থলীত উপস্থিত হৈ দুষ্টচক্ৰটোৰ পৰা উদ্ধাৰ কৰিবলে সক্ষম হয় বনৰৌটো।দুষ্টচক্ৰটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা বনৰৌটোৰ চিকিৎসা অব্যাহত ৰাখিছেবন বিভাগে। বন কৰ্মী কেইজনৰ এই প্ৰচেষ্টাক শলাগ লৈছে চাপৰ নগৰবাসী।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com