Begin typing your search above and press return to search.

ধুবুৰীত নিজ পিতৃৰ দ্বাৰা ধৰ্ষিতা হ'ল কন্যা

ধুবুৰীত নিজ পিতৃৰ দ্বাৰা ধৰ্ষিতা হল কন্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Oct 2018 10:30 AM GMT

ধুবুৰী জিলাৰ গৌৰীপুৰৰ পিয়াজবাৰীত সংঘটিত হ'ল মানৱতাক ভূলুন্ঠিত কৰা এক জঘন্য ঘটনা । নিজ পিতৃৰ দ্বাৰা কন্যা ধৰ্ষিতা হবলগীয়া হোৱা ঘটনাই সৰ্বত্ৰে চাঞ্চল্য সৃষ্টি কৰিছে ।

ধুবুৰীৰ এই কলংকিত পিতৃজনে নিজৰ নাবালিকা কন্যাক বলপূৰ্বক ধৰ্ষণ কৰি আহিছিল। পত্নীয়ে বাধা দিয়া সত্বেও লম্পট চৰিত্ৰৰ পিতৃজনে অসৎ চৰিতাৰ্থ পূৰণ কৰি আহিছিল । মাতৃৰ অভিযোগৰ ভিত্তিত ৰাইজে আজি ধৰ্ষণকাৰী পিতৃক আটক কৰি গতাই দিয়ে আটানী আৰক্ষীক ।

বিভিন্ন সময়ত ৰাজ্য খনত সংঘটিত হৈ অহা ধৰ্ষণৰ ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম আইন প্ৰণয়ন কৰি অহাৰ সময়ত পিতৃৰ ওচৰত নিজ কন্যা অসুৰক্ষিত হোৱাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

আনকি পিতৃয়ে কৰা এনে কাণ্ড কোনোপধ্যেই ক্ষমাৰ যোগ্য নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা অঞ্চলটোৰ ৰাইজে ধৰ্ষণকাৰী পিতৃৰ কঠোৰতম শাস্তি হিচাপে ফাঁচিৰ দাবী তুলিছে ।

Next Story