ধুবুৰীত বিদ্যুৎস্পৃষ্ট হৈ দুজনৰ মৃত্যু

ধুবুৰীত  বিদ্যুৎস্পৃষ্ট হৈ দুজনৰ মৃত্যু
Published on

ধুবুৰী জিলাৰ চাপৰ বৈদ্যুতিক উপসংমণ্ডলৰ বিষয়া-কৰ্মচাৰী যেন নামি পৰিছে নীৰিহ লোকৰ প্ৰান লোৱাৰ অঘোষিত প্ৰতিযোগিতাত । বিভাগৰ চৰম গাফিলতিৰ বাবে বিগত দুটা দিনত দুজনকৈ নীৰিহ লোকে কৰুণ মৃত্যুক সাবটিবলগীয়া হোৱাত সমগ্ৰ জিলা খনতে চাঞ্চল্য সৃষ্টি হৈছে। ৰবিবাৰে চাপৰ বৈদ্যুতিক উপ সংমণ্ডলৰ ঠিকা ভিত্তিক কৰ্মচাৰী মোকছেদ আলীয়ে চাপৰ নগৰত বিদ্যুত সৰবৰাহী তাৰৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আকোৱালি লোৱাৰ পিছদিনাই অৰ্থাৎ সোমবাৰে পূৱা চাপৰৰে তাৰাংগাপুৰ ১ ম খন্ড গাৱত এগৰাকী লোকে বিদ্যুৎ স্পৃষ্ট হৈ কৰুণ মৃত্যু হয়। ৰবিবাৰে নিশা হোৱা ধুমুহা বৰষুণৰ ফলত গাওখনৰ বিদ্যুৎ সংযোগী তাৰ ছিগি পুখুৰীত পৰে । পূৱাৰ ভাগত ছফিয়ৰ ৰহমান নামৰ যুৱকজনে মৰাপাট ধোঁৱাৰ উদ্দেশ্যে পুখুৰীত নমা মাত্ৰেই বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যু হয়। ইপিনে, তাৰ ছিগি থকা সংক্ৰান্তত স্থানীয় ৰাইজে বাৰম্বাৰ চাপৰ বৈদ্যুতিক উপসংমণ্ডলত অৱগত কৰা স্বত্তেও অঞ্চলটোৰ পৰা বিদ্যুৎ সেৱা কৰ্তন নকৰাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। চৰকাৰে মৃতকৰ আত্মীয়লৈ ক্ষতি পূৰনৰ দাবী জনাইছে ৰাইজে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com