ধুবুৰীত সংঘটিত হ'ল এক ভয়াবহ পথ দুৰ্ঘটনা

ধুবুৰীত সংঘটিত হ'ল এক ভয়াবহ পথ দুৰ্ঘটনা
Published on

ধুবুৰী জিলাৰ চাপৰৰ আৰেয়াঝাৰত সোমবাৰে সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা।টেম্পো-ব'লেৰৰ মুখামুখি সংঘৰ্ষৰ ফলত নিহত হৈছে এজন চাইকেল আৰোহী। নিহত চাইকেল আৰোহীজন আৰেয়াৰঝাৰৰ ধীৰেণ দাস বুলি চিনাক্ত কৰা হৈছে।দুৰ্ঘটনাটোত আহত হৈছে শিশুসহ ১২জনকৈ যাত্ৰী। চাপৰৰ আৰেয়াঝাৰস্থিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাটোৰ ফলত তীব্ৰ যোঁটৰ সৃষ্টি হয়। ইফালে ৰাইজৰ অভিযোগ যে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে চাইড বাম্ব নথকাৰ বাবে উক্ত স্থানত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com