Begin typing your search above and press return to search.

ধুবুৰীত ৰাজনাথ সিঙৰ উপস্থিতিৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

ধুবুৰীত ৰাজনাথ সিঙৰ উপস্থিতিৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2019 5:36 AM GMT

বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা সম্পূৰ্ণ ছীল কৰাৰ কাৰণে কিছু পদক্ষেপ লোৱাটোৱেই যথেষ্ট নহয় ৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ ৷ মংগলবাৰে ধুবুৰী জিলাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৰা বল্ড কিউআইটি উদঘাটন কৰাৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ এই প্ৰতিক্ৰিয়া ৷ বল্ড কিউআইটি আঁচনি উদঘাটনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে,গৃহ মন্ত্ৰ্যালয়,দিছপুৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপস্থিতিত হোৱা ত্ৰিপাক্ষীয় বৈঠকত মহত্ত্বপূৰ্ণ কাম সমূহৰ পদক্ষেপ লোৱা হৈছে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে সেই পদক্ষেপ সমূহক সম্পূৰ্ণ কৰাৰ কাৰণে সহমত হৈছে৷অৱশ্যে,এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷আছুৰ দ্বাৰা প্ৰস্তাৱিত বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি সভাপতি দীপাংক কুমাৰ নাথে কয় যে আমি বাংলাদেশৰ সীমাত বিজুলী বেৰা দিবলৈ পৰামৰ্শ দিছো ৷বাংলাদেশৰ সীমাত ফ্লডলাইটৰ স্থাপন কৰাৰ আন এটি পৰামৰ্শ দিয়া হৈছে ৷লগতে আছু সভাপতি নাথে কয় যে বাৰিষা কালত বাংলাদেশৰ লোকসকল যাতে অসমলৈ প্ৰবেশ কৰিব নোৱাৰে তাৰ কাৰণে অস্থায়ী ৰূপত আৰক্ষী চকী স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছো ৷কিন্তু সেয়া বাস্তৱত ৰূপায়িত কৰা নাই ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি