ধূপধৰাত দুৰ্ঘটনাত মৃত্যু তিনিজন লোকৰ

ধূপধৰাত দুৰ্ঘটনাত মৃত্যু তিনিজন লোকৰ
Published on

অসম ৰাজ্যিক পৰিবহন নিগমৰ অন্তৰ্ভূক্ত নৈশ যাত্ৰী বাহী বাছ এখন বৃহস্পতি বাৰে ৰাতি দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিজন লোকৰ মৃত্যু হয়। ঘটনাৰ বিবৰণী অনুসৰি মানকাছাৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ অন্তৰ্ভূক্ত নৈশ যাত্ৰী বাহী বাছ খন গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী চকীৰ অন্তৰ্গত ধূপধৰাত নিশা বিপৰীত দিশৰ পৰা আহি থকা এখন বলেৰো পিক আপ ভ্যানৰ লগত মুখামুখি সংঘৰ্ষ সংঘটিত হয়।

এই মুখামুখি সংঘৰ্ষত পিক আপ ভ্যান খনত আহি থকা মেদনীপথাৰৰ জ্যোতিষ ৰাভা(২২) আৰু কৃঞ্চাইৰ চন্দ্ৰ কান্ত খনাল(২৪) ৰ ঘটনা স্থলীতে মৃত্যু হয় আনহাতে দক্ষিণ চিকিমৰ চৰণ অধিকাৰী(২৫)নামৰ লোকজনৰ চিকিৎসালয়ত মৃত্যু হয়। বাছ খনত যাত্ৰা কৰি থকা অন্য চাৰিজন লোক গুৰুতৰ ভাবে আহত হয়। আহত লোক কেইজনক গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।ৰাজ্যত ক্ৰমাগত ভাবে বৃদ্ধি পাই আহিছে পথ দুৰ্ঘটনাৰ সংখ্যা।পথ সুৰক্ষা বিষয়ক বিভিন্ন কাৰ্য্যসূচী চৰকাৰে গ্ৰহণ কৰি আহিলেও এতিয়ালৈ পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com