Begin typing your search above and press return to search.

নগাঁওত অস্ত্ৰ-শস্ত্ৰৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ

নগাঁওত অস্ত্ৰ-শস্ত্ৰৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Nov 2018 6:01 AM GMT

নগাঁও আৰক্ষী আৰু ২০ সংখ্যক অসম ৰাইফলৰ যুটীয়া অভিযানত যোৱা শুক্ৰবাৰে নিশা অস্ত্ৰ-শস্ত্ৰৰ সৈতে এজন ধৃত অপৰাধীক নগাঁওৰ দিহিং আৰক্ষী থানাৰ অন্তৰ্গত শলাকটী এলেকাৰ পৰা আটক কৰিবলৈ সক্ষম হয় । আটক কৰা অপৰাধী জন চিনাক্ত কৰি গম পোৱা গৈছে যে,শলাকটী পথাৰৰ চফি উল্লাৰ পুত্ৰ মহম্মদ মফিদুল ইছলাম ।

জানিব পোৱা তথ্যানুসৰি,নগাঁও আৰক্ষীৰ ডিএছপি জোন দাসে মফিদুলৰ ঘৰত অভিযান চলায় আৰু ৭.৬৫ পিষ্টল,এটা মেগজিন,৪ জাঁই সজীৱ গুলি,এটা গ্ৰেনেড উদ্ধাৰ কৰা হয় । জানিব পৰা মতে মফিদুলে পূৰ্বেও বহু অপৰাধ জনিক কামৰ সৈতে জড়িত হৈ আছিল ।

Next Story
চাকৰি