Begin typing your search above and press return to search.

নগাঁওত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল

নগাঁওত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 March 2019 10:57 AM GMT

আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন । সেই মৰ্মে বিজেপিৰ নৱম খন তালিকাত প্ৰকাশ পোৱা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মায়ে মনোনয়ন পত্ৰ দাখিল কৰে । মংগলবাৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ে লোকসভা নিৰ্বাচনৰ সাংসদৰ টিকট নিশ্চিত হোৱাৰ পাছতে আজি সহস্ৰাধিক সমৰ্থকক সৈতে ৰূপক শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন পত্ৰ দাখিল কৰাৰ পুৰ্বে ৰূপক শৰ্মা উপস্থিত হয় হনুমান মন্দিৰ আৰু জগন্নাথ মন্দিৰত উপস্থিত হৈ আশীষ লয় । লগত তেওঁৰ পত্নী সহ সহস্ৰাধিক সমৰ্থনকে সংগ দিয়ে । মন্দিৰত আশীষ লোৱাৰ পাছতে উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ৰূপক শৰ্মাৰ লগত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , মন্ত্ৰী পীযুছ হাজৰিকা, বিধায়িকা আঙুৰলতা ডেকাৰ লগতে ভালে সংখ্যক নেতা উপস্থিত থাকে ।

ৰূপক শৰ্মাৰ লগত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ সৰৱ হৈ পৰে ।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পুনৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে চৰকাৰ হব আৰু বিজেপিক কংগ্ৰেছ, এ আই ইউ ডি এফে বিজেপিক ক্ষতি কৰিব নোৱাৰে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি