Begin typing your search above and press return to search.

নগাঁওত ভূপেন হাজৰিকাৰ জন্মদিন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন

নগাঁওত  ভূপেন হাজৰিকাৰ জন্মদিন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Sep 2018 6:37 AM GMT

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কামপুৰতো বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯২ সংখ্যক জন্মদিন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ শনিবাৰে নিশা কামপুৰ তেতেলিসৰাৰ যুৱক সকলৰ উদ্যোগত তেতেলিসৰা পাঁচআলিত বিভিন্ন কাৰ্যসূচীৰে ভূপেন দাক স্মৰণ কৰা হয় । নিশা বিশ্ববিশ্ৰুত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি স্থানীয় লোকৰ লগতে শিশু সকলেও শিল্পী গৰাকীৰ উপজা দিনত এগচি বন্তি প্ৰজলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই স্থানীয় শিল্পী সকলে নিশা দুপৰলৈকে ভূপেন দাৰ কালজয়ী গীতবোৰ পৰিবেশন কৰি স্থানীয় লোকক আপ্লুত কৰা দেখা গল ৷

Next Story
চাকৰি