নগাঁওৰ আনন্দৰাম ঢ়েকিয়াল ফুকন কলেজেত পালন কৰিব হীৰক জয়ন্তী

নগাঁওৰ আনন্দৰাম ঢ়েকিয়াল ফুকন কলেজেত পালন কৰিব হীৰক জয়ন্তী
Published on

নগাঁও আনন্দৰাম ঢ়েকিয়াল ফুকন কলেজে চেপ্তেম্বৰৰ ৭তাৰিখৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে হীৰক জয়ন্তী বৰ্ষ পালন কৰিব।এই সন্দৰ্ভত যোৱা বৃহস্পতিবাৰে শিক্ষকৰ জিৰনি কোঠাত সাংবাদিক সন্মিলন অনুষ্ঠিত কৰা হয়।নতুনকৈ নিযুক্তি প্ৰাপ্ত অধ্যক্ষ ড° সুৰজিত কুমাৰ ভাগৱতীয়ে মত প্ৰকাশ কৰে যে,বুৰঞ্জী প্ৰসিদ্ধ এই শিক্ষানুষ্ঠান খনে চাৰিদিনীয়া কাৰ্য্যসূচীৰে হীৰক জয়ন্তী পালন কৰিব লগতে ৭চেপ্তেম্বৰত উদ্ধোধনী অনুষ্ঠানেৰে আৰম্ভ কৰিব।উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু ৰাজ্যিক শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য উপস্থিত থাকিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com