
নগাঁওৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ গমাৰীআটিত দিনদুপৰতে সংঘটিত হোৱা এটা ডকাইটিৰ ঘটনাই সমগ্ৰ জিলা খনতে চাঞ্চল্য সৃষ্টি কৰিছে।বাইক আৰোহীক ৰাজপথত অনুসৰণ কৰি আহি মাৰধৰ কৰি লুটপাত চলাই।ডকাইটৰ দলে নগদ ১০ হাজাৰ টকা সহ এটা ২২ হাজাৰ টকাৰ মবাইল লুটি নিয়াৰ অভিযোগ উত্থাপিত হৈছে।পাছত এখন চুইফট ডিজায়াৰ সহ চাৰিজন যুৱকক আটক ৰাঙলু আৰক্ষীৰ।আটকাধীন লোক কেইজনৰ ভিতৰত তিনিজনক পানীখাইটিৰ চাহিদুৰ ৰহমান, আজিজুৰ ৰহমান আৰু ইমৰান হুছেইন বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্যৰ বাবে ডকাইট কেইটাৰ ওপৰত জেৰা অব্যাহত ৰাখিছে।