নগাঁওৰ মহিলা প্ৰৱঞ্চকৰ মহানগৰী আৰক্ষী থানাত আত্মসমৰ্পন

নগাঁওৰ মহিলা প্ৰৱঞ্চকৰ মহানগৰী আৰক্ষী থানাত আত্মসমৰ্পন
Published on: 

নগাঁও জিলাৰ ডবকাৰ আখিলমা বেগম নামৰ মহিলা এগৰাকীয়ে নিজ স্বামীৰ বীমাৰ ধন জালিঁয়তি কৰি সৰকাবলৈ চেষ্টা কৰিছিল,এই কথাৰ অভিযোগ লৈ মহিলা গৰাকীয়ে নিজেই যোৱা বুধবাৰে পল্টন বজাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে।উল্লেখযোগ্য যে মহিলা গৰাকীয়ে আৰক্ষীৰ পৰা বাচিবলৈ পূৰ্ৱেই গুৱাহাটী উচ্চ ন্যায়লয়ৰ পৰা বেইল লৈ থৈছিল,কিন্তু যোৱাকালি এই বিলৰ সমাপ্তি ঘটে আৰু আত্মসমৰ্পন কৰিবলৈ বাধ্য হয়।মহিলা গৰাকী ন্যায়িক জিম্মালৈ প্ৰেৰন কৰে।মহিলা গৰাকীয়ে নিজৰ স্বামী চমচুল হক চৌধুৰীৰ এক্সাইড লাইফ ইঞ্চোৰেঞ্চৰ পৰা ৫৭লাখ টকা আৰু এইচ ডি এইফ চিৰ পৰা ৮০লাখ টকা উলিয়াব বিচাৰিছিল।তেতিয়াই সেই ইঞ্চোৰেঞ্চ কোম্পানীৰ মানুহে নথি পত্ৰ সমূহ পৰীক্ষণ কৰা সময়ত জালিয়ঁতি বুলি ধৰা পৰাত কোম্পানী লোকে মহিলা গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com