নগাঁওৰ ননৈ শ'লমাৰীত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে । তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক । ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দূৰ্ঘটনাত বাইক আৰোহী দুজন গুৰুতৰভাৱে আহত হয় । বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই আহত লোক দুজনক । দুয়োকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ । ভূল দিশেৰে ট্ৰাকখন আহি থকাৰ বাবেই এই শোকাবহ ঘটনাটো সংঘটিত হয় ।
Begin typing your search above and press return to search.