Begin typing your search above and press return to search.

নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ "প্ৰসংগ সংগীত " ৰ শুভ উন্মোচনী

নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ প্ৰসংগ সংগীত  ৰ শুভ উন্মোচনী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2018 8:21 AM GMT

নগাঁও জিলাৰ ন্যায়িক আদালতৰ প্ৰেক্ষাগৃহত জিলা আইন সেৱা প্ৰাধিকাৰীৰ দ্বাৰা এটি "প্ৰংসগ সংগীত" ৰ শুভ উন্মোচনী কৰা হয় । উক্ত উন্মোচনী সভাত জিলা ও সত্র ন্যায়াধীশ ৰীতা ক'ৰ প্ৰমুখ্যে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী উপস্থিত থাকি, বন্তি প্ৰজ্বলনেৰে "প্ৰসংগ সংগীত" টিৰ উন্মোচন কৰে জিলা ও সত্র ন্যায়াধীশ ৰীতা ক'ৰে ।

উক্ত উন্মোচনী সভাৰ আদৰনী ভাষনত জিলা আইন সেৱা প্ৰাধিকাৰী ৰ সচিৱ প্ৰনিতা মৰাঙে । আদৰনী ভাষনত সচিৱ গৰাকীয়ে কয় যে সংগীতে সকলোৰে মনত সহজতে সাঁচ বহোৱাই । সংগীতৰ মাধ্যমেৰে কৰা প্ৰচাৰ সদায়ে ফলপ্ৰসু হয় আৰু জনজাগৰন সৃষ্টিৰ সংগীতেই হৈছে উত্তম মাধ্যম । এই কথাৰ লগত সংগতি ৰাখিয়েই জিলা আইন সেৱা প্ৰাধিকাৰীয়ে "প্ৰসংগ সংগীত" টিৰ জৰিয়তে প্ৰচাৰ কাৰ্য্য আৰু সচেতনতা অব্যাহত ৰাখিব বুলি জানিব দিয়ে ।

গীতৰ কথাখিনি সুন্দৰকৈ শব্দৰে লিখি উলিয়াইচে নগাঁৱৰ অধিবক্তা শ্বাহনাজ চুলতানাই |গীতৰ সুৰ দিব্যাৰানী হাজৰিকা ,কিৰন দাসৰ । উন্মোচনী সভাত প্ৰসংগ সংগীতটি পৰিবেশন কৰে দন্দধৰ হাজৰিকা, শ্বাহনাজ চুলতানা,ৰূপালী গোস্বামী,চয়নিকা দেৱী, দিব্যাৰাণী হাজৰিকা, দিব্যপ্ৰসাদ বৰা,অভিজিৎ ৰঞ্জন হাজৰিকা আদিয়ে । প্ৰসংগ সংগীত টিৰ জৰিয়তে জিলা আইন লোৱা প্ৰাধিকাৰীয়ে "ন্যায় সকলোৰে বাবে"সুনিশ্চিত কৰাৰ আস্বাস প্ৰদান কৰে ।

Next Story
চাকৰি