নগাঁও কাগজ কলৰ জেষ্ঠ কৰ্মচাৰী বিশ্বজিৎ মজুমদাৰৰ আত্মহত্যা

নগাঁও কাগজ কলৰ জেষ্ঠ কৰ্মচাৰী বিশ্বজিৎ মজুমদাৰৰ আত্মহত্যা
Published on

নগাঁও কাগজ কলৰ এজন জেষ্ঠ কৰ্মচাৰী বিশ্বজিৎ মজুমদাৰে সোমবাৰে কাৰ্যালয়ৰ কোৱাটাৰতে আত্মহত্যা কৰে। বিশ্বজিৎ মজুমদাৰৰ বয়স ৫৮ বছৰ আছিল।

সূত্ৰয়ে প্ৰকাশ কৰা মতে বিশ্বজিৎ মজুমদাৰৰ এজন সহকৰ্মীয়ে তেওঁক ফোন কৰাৰ পিছত কোনো উত্তৰ নাপাই মজুমদাৰৰ কোৱাটাৰত উপস্থিত হোৱাত মৃতদেহটো প্ৰতক্ষ্য কৰে। মায়ং ৰেভিনিউ খণ্ডৰ চাৰ্কোল অফিচাৰ সংঘমিত্ৰা বৰুৱা আৰু জাগীৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে কাগজ কলৰ কৰ্মচাৰী সকলে যোৱা ২৭ মাহে ধৰি মাহেকীয়া দৰমহা নোপোৱাৰ কাৰণে বিশ্বজিৎ ৰয়ে এই চৰম পন্থা গ্ৰহণ কৰে বুলি প্ৰকাশ কৰে।

বিশ্বজিৎ মজুমদাৰ কলকাতাৰ নিবাসী আছিল । ইতিমধ্যে তেওঁৰ মৃত্যুদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com