Begin typing your search above and press return to search.

নগাঁও কাগজ কল পুনৰ প্ৰবৰ্তনৰ বাবে ২৪ঘণ্টীয়া অন্নশনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ

নগাঁও কাগজ কল পুনৰ প্ৰবৰ্তনৰ বাবে ২৪ঘণ্টীয়া অন্নশনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:36 AM GMT

নগাঁও জাগীৰোডৰ কাগজ কলৰ পুনৰ প্ৰবৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাত নগাঁও পেপাৰ মিল সুৰক্ষা মঞ্চই অহা ১৪ আৰু ১৫আগষ্ট তাৰিখে ২৪ঘণ্টীয়া অন্নশন কাৰ্য্যসূচী গ্ৰহন কৰাৰ লগতে জাগীৰোড ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে। কাগজ কলটোৰ পুনৰ প্ৰবৰ্তন নোহোৱাৰ বাবে তথা কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ বাবে সংগঠনটোৱে অসন্তোষ প্ৰকাশ কৰিছে ইয়াৰ উপৰিও প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সোণোৱালে বাৰে বাৰে আশ্বাস প্ৰদান কৰিছে।সংবাদ পত্ৰৰ জৰিয়তে,নগাঁও পেপাৰ মিল সুৰক্ষা মঞ্চৰ মুখ্য সংযোগ অটনু শৰ্মাৰ মত অনুসৰি, ১৯৯৬চনৰ পৰা ২০০৯চনলৈ পেপাৰ মিলটোৰ কাম ভালকৈ চলিছিল।কিন্তু ২০০৯-১০ চনৰ পৰা মিলটোৱে আৰ্থিক ভাৱে দুৰ্বল হৈ পৰে।পিছত,নগাঁওৰ এই মিল ২০১৬চনত বন্ধ হৈ পৰে,ইয়াৰ উপৰিও ২০১৫চনত কাছাৰ পেপাৰ মিলটো ধাৰ পৰিশোধ কৰিব নোৱাৰি দেউলীয়া হৈ পৰে।দুয়োটা কাগজ কল পুনৰ কাৰ্য্যকৰী হোৱাৰ আশা অতি ক্ষীণ হৈ যোৱাৰ ফলত কৰ্মচাৰী সকলৰ ভৱিষ্যৎ জীৱন অন্ধকাৰ হৈ পৰাৰ পৰিলক্ষিত হৈছে।সেয়ে শৰ্মাই দুয়োটা কাগজ কলৰ বাবে তৎক্ষণাত ব্যৱস্থা গ্ৰহনৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।

Next Story
চাকৰি