Begin typing your search above and press return to search.

নগাঁও বন সংমণ্ডলে প্ৰায় ১৫লাখ মান টকা জৰিমনা সংগ্ৰহ কৰে

নগাঁও বন সংমণ্ডলে প্ৰায় ১৫লাখ মান টকা জৰিমনা সংগ্ৰহ কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:06 AM GMT

নগাঁও জিলাৰ বন বিভাগীয় অন্তৰ্গত নগাঁও বন সংমণ্ডলে এই বৰ্ষৰ যোৱা ৩-৪মাহ ধৰি অবৈধ ভাৱে বন বিভাগৰ সম্পদ সমূহক লৈ ব্যৱসায় কৰি থকাৰ বিৰুদ্ধে জিলাখনত প্ৰায় ২৩৮টা ঘটনা ঘটে।অবৈধ ভাৱে বনাঞ্চলৰ সম্পদক লৈ ব্যৱসায় কৰা,অবৈধ বেহা আৰু এঠাইৰ পৰা আন ঠাইলৈ কঢ়িওৱা কাৰ্য্যও সংঘটিত হয় লগতে ২০৫খন যানবাহনো জব্দ কৰা হয় বুলি যোৱা সোমবাৰে নগাঁওৰ বন বিভাগৰ বিষয়া সুভাশিস দাসে মত ব্যক্ত কৰে।বন বিষয়া গৰাকীৰ পৰা জানিব পৰা মতে,বন বিভাগে যোৱা ৩-৪মাহ ধৰি ভিন্ন ঘটনাকলৈ প্ৰায় ১৫লাখ টকাতকৈও বেছি জৰিমনা সংগ্ৰহ কৰে।আনহাতে, ২০১৭-১৮ বৰ্ষত নগাঁও জিলাত বন বিভাগে ৪২লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰে,আৰু প্ৰায় ১১১টা তকৈও বেছি গোচৰ পঞ্জীয়ন কৰে।

বন বিভাগ বিষয়া দাসে মত সদৰী কৰা অনুসৰি,বিশেষকৈ নগাঁও সদৰ ৰেঞ্জৰ মুঠ ৪০খন পঞ্জীভুক্ত কাঠৰ দোকানে জিলা তথা ৰাজ্যখনৰ ভিন্ন ঠাইৰ পৰা অহা কাঠ সমূহ ক্ৰয় কৰে,আৰু দোকান সমূহত অবৈধ কাঠৰ কিনা বেচা চলা সন্দেহত জিলা খনৰ বন বিভাগে দোকান সমূহত চোকা নজৰ ৰখাৰ কথা জানিবলৈ দিয়ে।বহু সংখ্যক যানবাহন জব্দ কৰাৰ লগতে,বিভিন্ন গোচৰৰ বিৰুদ্ধে জৰিমনা সংগ্ৰহ কৰে আৰু এই বৰ্ষতে বাকী থকা বৰ্ধিত জৰিমনাও সংগ্ৰহ কৰিব বুলি জানিব দিয়ে।

Next Story
চাকৰি