নগাঁৱত অাৰম্ভ অসম ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা

নগাঁৱত অাৰম্ভ অসম ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা
Published on

শতাধিক প্ৰতিযোগীৰ অংশ গ্ৰহনৰে শনিবাৰৰ পৰা ৩ দিনীয়াকৈ নগাঁৱৰ পুলিচ ৰিজাৰ্ভ প্ৰেক্ষাগৃহত আৰম্ভ হল ৰাজ্যিক পৰ্য্যায়ৰ যোগ ক্ৰীয়া প্ৰতিযোগিতা। অসম যোগ সন্থাৰ উদ্যোগত অাৰু নগাঁও যোগ সন্থাৰ ব্যৱস্থাপনাত অাৰু নগাঁও ক্ৰীড়া সন্থা ,নেহেৰু যোগ কেন্দ্ৰ, অসম যোগ বিদ্যালয়, ৰাজ্যিক যোগ কেন্দ্ৰ -নিৰ্ভান, দ্ৰোণাচাৰ্য্য দা ৰিদম অফ অাৰ্ত ৰ সহযোগত ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতাখনি অায়োজিত হৈছে। পুৱা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰাম্ভ কৰে বিশ্ব যুগ সন্থাৰ প্ৰধান সম্পাদক অশোক অাগৰৱালে। প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহন কৰে অাৰু এই প্ৰতিযোগীতা প্ৰথম স্থান ,দ্বিতীয় স্থান লাভ কৰা সকলে নেচনেল যোগ ক্ৰীড়াত অংশ লব পাৰিব বুলি নগাঁও জিলা যোগ সন্থাৰ প্ৰচাৰ সম্পাদক অঞ্জন কুমাৰ শৰ্ম্মা কৌশিকে জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com