শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহনৰে আৰম্ভ হল জিলা পৰ্য্যায়ৰ যোগ ক্ৰীয়া প্ৰতিযোগিতা। নগাঁও জিলা যোগ সন্থাৰ উদ্যোগত অাৰু অসম যোগ সন্থাৰ সৌজন্যত ডছন উচ্ছতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সহযোগত বিংশ সংখ্যক নগাঁও জিলা যোগ ক্ৰীড়া প্ৰতিযোগিতাখনি প্ৰয়াত জে. টিচু দেৱৰ পবিত্ৰ সোঁৱৰণত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসুচীৰে অায়োজিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰাম্ভ কৰে নগাঁও জিলা যোগ সন্থাৰ সভাপতি ভাৰত চন্দ্ৰ নাথে। অনুষ্ঠানৰ অাৰম্ভনিতে প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী অাৰু প্ৰয়াত জে . টিছুৰ প্ৰতিচ্ছবিত মৰিগাঁও জিলাৰ ক্ৰীড়া বিষয়া চিদানন্দ দিহিংগীয়া মাল্যপ্ৰদান কৰাৰ পাছতে মঞ্চ উদ্যোধন কৰে নগাঁও জিলাৰ উন্নয়ন বিষয়া পুনম ৰাও বৰাই। প্ৰতিযোগিতাখনিত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ২৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহন কৰে বুলি নগাঁও জিলা যোগ সন্থাৰ প্ৰচাৰ সম্পাদক অঞ্জন কুমাৰ শৰ্ম্মা কৌশিকে জনাইছে।
Begin typing your search above and press return to search.