Begin typing your search above and press return to search.

নগাঁৱত একেদিনাই দহটাকৈ অাধাৰশিলা ৰূপক শৰ্ম্মাৰ

নগাঁৱত একেদিনাই দহটাকৈ অাধাৰশিলা ৰূপক শৰ্ম্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2018 9:16 AM GMT

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ প্ৰসংসনীয় পদক্ষেপ । নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তিনিটাকৈ পঞ্চায়তৰ ৰাইজৰ বহুদিনৰ দাবীৰ প্ৰতি সহাৰি জনায় বৃহস্পতিবাৰে প্ৰায় ৫০ লাখ টকাৰ ব্যয় সাপেক্ষে দহটাকৈ কামৰ আধাৰশিলাৰ লগতে শুভ উন্মোচন কৰে।

চতুৰ্দশ বিত্ত অায়োগৰ ২০১৫-১৬ অাৰু ২০১৬-১৭ বৰ্ষৰ অধীনত পাখিমৰীয়া মন্ডল, বেবেজীয়া ডিমৌ বাংথাই পঞ্চায়ত অাৰু খাগৰিজান মন্ডলৰ অৰ্ন্তগত জলাহ অাৰু শেনছোৱাকে ধৰি সদৰ সমষ্টিৰ কেইবাটাও স্থানত পানী যোগান অাঁচনি, বৌদ্ধিক চৰ্চা কেন্দ্ৰ, পুথিভঁৰাল,শ্মশানৰ লগতে একশৰন ভাগৱতী সমাজ ,অসমৰ এটি ভোজনালয়ৰ অাধাৰশিলা স্থাপন কৰে ।

আনহাতে জামুগুৰি, বিৰহ অাৰু বেবেজীয়াত দুটাকৈ গ্ৰাম্য পুথিভঁড়ালৰ শুভ উদ্বোধন কৰে । উক্ত অনুষ্ঠান সমুহত বিধায়ক গৰাকীৰ লগতে পাখিমৰীয়া মণ্ডলৰ সভাপতি, নৰেন দাস,তিৱা স্বায়ত্ব পৰিষদৰ উপাধক্ষ্য বিদ্যুৎ বৰদলৈ, খাগৰিজান মণ্ডলৰ সভাপতি বকুল শইকীয়াকে ধৰি হৰিচৰন ডেকা, দুলাল ভূঁঞাকে ধৰি বহু সংখ্যক ৰাইজ উপস্হিত থাকে।

Next Story