Top
Begin typing your search above and press return to search.

নগাঁৱত দলবদ্ধ আক্ৰমণত এজনৰ মৃত্যু

নগাঁৱত দলবদ্ধ আক্ৰমণত এজনৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Oct 2018 10:50 AM GMT

নগাঁও জিলাৰ কচুৱা লুটুমাৰি বৰপুখুৰী মাজগাঁৱত সংঘটিত এক লোহমৰ্ষক হত্যাকাণ্ডই সমগ্ৰ জিলা খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জিলা খনৰ ননৈৰ গুলীচালনাত এজন লোকৰ মৃত্যু হোৱা ঘটনা মাৰ নাজাওতেই পুনৰ এই হত্যা কাণ্ডই কঁপাই তুলিছে কচুৱা অঞ্চল ৷ এক দলবদ্ধ আক্ৰমণৰ বলি হৈ কৰুণ মৃত্যুক সাবতি লবলগীয়া হল এজন সুঠাম যুৱকে ৷

অভিজিৎ দৈমাৰী নামৰ যুৱক জনক অতি নিৰ্মম ভাৱে এগৰাকী মহিলা সহ চাৰিজন লোকে ৰডে্ৰে মৰিয়াই মৰিয়াই হত্যা কৰে বুলি জানিব পৰা গৈছে । অভিযুক্ত কেইজন হল দয়াৰাম দাস , জয়ন্ত হাজৰিকা , কমল হাজৰিকা , দিনমাই দাস আৰু ৰমাকান্ত দাস ৷আৰক্ষীযে অভিযুক্ত দয়াৰাম দাসক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । বাকী কেইজন অভিযুক্ত ইতিমধ্যে পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে হত্যাকাৰী কেইটাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে । কি কাৰণত সংঘটিত হল এই হত্যাকাণ্ড আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ৷ দিনমাই দাস আৰু ৰমাকান্ত দাস দয়াৰাম দাসৰ পত্নী পু্ত্ৰ আৰু জয়ন্ত হাজৰিকা আৰু কমল হাজৰিকা সম্পৰ্কীয় লোক বুলি জানিব পৰা গৈছে । হত্যাকাৰী কেইটাৰ কঠোৰতকৈও কঠোৰ শাস্তি দাবী কৰিছে স্থানীয় ৰাইজে ।

Next Story