Begin typing your search above and press return to search.

নগাঁৱত ধানৰ উন্নত প্রযুক্তি কৌশলৰ সন্দৰ্ভত প্রশিক্ষণ প্ৰদান

নগাঁৱত ধানৰ উন্নত প্রযুক্তি কৌশলৰ সন্দৰ্ভত প্রশিক্ষণ প্ৰদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2018 10:59 AM GMT

কৃষি বিজ্ঞান কেন্দ্র, নগাঁৱত অসম কৃষি বিশ্ববিদ্যালয় আৰু এপিএআৰটি (APART)ৰ উদ্যোগত তথা বিশ্ব বেংকৰ অনুদানত যোৱা ৯ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা তিনিদিনীয়া প্রশিক্ষন শিবিৰৰ আজি সামৰণি পৰে। প্রশিক্ষণ শিবিৰটোত লেজাৰ ৰস্মিৰ প্রয়োগেৰে মাটিৰ ওপৰিভাগ সমান কৰাৰ ব্যবস্থা, মেট নাৰ্চাৰী সহায়ত কঠিয়াতলী প্রস্তুত কৰা, সুসংহত বনবাত নিয়ন্ত্রন ব্যবস্থাপনা, বন মৰা ঔষধৰ সঠিক প্রয়োগ,ড্রামচীদাৰৰ সহায়ত একেসময়তে মাটিত সাৰ আৰু বীজ প্রয়োগৰ ব্যবস্থাপনা আৰু যান্ত্রিক প্রদ্ধতিৰে ধান ৰোপণ প্রনালী আদি বিভিন্ন বিষয়ৰ ওপৰতপুংখানুপুংখভাবে প্রশিক্ষণ প্রদান কৰা হয়।

প্রশিক্ষন শিবিৰটোত আঞ্চলিক কৃষি গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী ডঃ প্রদীপ কুমাৰ দাস, জিলা কৃষি বিষয়া দেৱেশ্বৰ পাংঙিং, কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ডঃ নিৰঞ্জন ডেকাৰ লগতে কৃষি বিজ্ঞান কেন্দ্রৰ নগাঁৱৰ সমূহ বিজ্ঞানী, কৰ্মচাৰী, নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্রসাৰন সহায়ক, আত্মসহায়ক গোটৰ প্রতিনিধি আৰু কেইবাগৰাকী প্রগতিশীল কৃষকে অংশ গ্রহন কৰে। উক্ত প্রশিক্ষন শিবিৰটো সুন্দৰভাবে পৰিচালনা কৰাত এপিএআৰটি (APART)ৰ প্রকল্প সহকাৰী গুনীন ৰয়, সহকাৰী প্রকল্প বিজ্ঞানী বিদিশা বৰা, আই আৰ আৰ আই(IRRI)ৰ বিশেষজ্ঞ বিবেক কুমাৰ, বিপিন কুমাৰ আৰু কনিষ্ঠ গৱেষক অংকিতা চাহু সহায় কৰে। সামৰণিত অংশগ্রহনকাৰীসকলে প্রশিক্ষন শিবিৰটোত অংশ গ্রহন কৰি সন্তুষ্টি প্রকাশ কৰাৰ লগতে ভবিষ্যতলৈ পুনৰ এনে প্রশিক্ষনত অংশ গ্রহনৰ বাবে আশা ব্যক্ত কৰে।

Next Story
চাকৰি