Begin typing your search above and press return to search.

নগাঁৱৰ অাইভেটীত কৃষি তথ্য কেন্দ্ৰ উদ্বোধন

নগাঁৱৰ অাইভেটীত কৃষি তথ্য কেন্দ্ৰ উদ্বোধন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2018 10:22 AM GMT

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁৱৰ অাঞ্চলিক কৃষি গৱেষনা কেন্দ্ৰৰ তত্বাবধানত পৰিচালিত হৈ থকা গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা অাচনি ২০১৮ ৰ অালমত যোৰহাট কৃষি মহাবিদ্যালয়ৰ , বিশ্বনাথ কৃষি মহাবিদ্যালয় অাৰু শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে ৰাজস্থানৰ মেৱাৰ বিশ্ববিদ্যালয়ৰ ৪ জন ছাত্ৰই নগাঁৱৰ অাইভেটী - পহুকটা গাৱত ইংৰাজী ২৮ অাগষ্টৰ পৰা শিৱিৰ পাতি অাছে।

গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা অাঁচনি ২০১৮ ৰ অালমত কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নগাঁৱৰ অাইভাটী অাৰু পহুকটা গাঁৱত ক্ৰমে দুটা তথ্য কেন্দ্ৰ মুকলি কৰিছে। সেয়েহে অাজি নগাঁৱৰ অাইভেটি গাঁৱৰ পুঁথিভৰালত কৃষি তথ্য কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানৰ অায়োজন কৰিছে। ছাত্ৰ ছাত্ৰী সকলে পুৱা ১০ বজাত উক্ত গাঁৱৰ ডি.কে উচ্চ বুনিয়াদী বিদ্যালয়ত বৃক্ষৰোপন কাৰ্য্যসূচী অনুষ্ঠিত কৰে। উক্ত কাৰ্য্যসূচীত উপষ্ঠিত থাকে অাঞ্চলিক কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকল, লগতে বিদ্যালয়ৰ কতৃপক্ষসকলো উপষ্ঠিত থাকে।

পুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অায়োজিত কৰা হয়। কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ মানস প্ৰতীম চেতীয়াই অাঁত ধৰা সভাখনত উপষ্ঠিত থাকে অাঞ্চলিক কৃষি গৱেষনা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° পি.কে দাস, গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা অাঁচনিৰ তত্বাবধায়ক ড° ইদ্ৰীছ অালী স্বেখ , কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ড° নিৰঞ্জন ডেকাকে প্ৰমুখ্য কৰি বহু সংখ্যক গন্যমান্য ব্যক্তি উপষ্ঠিত থাকে।

Next Story
চাকৰি