নগাঁৱৰ কচুৱাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

নগাঁৱৰ কচুৱাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত হাতীফণ্ডীত এগৰাকী বিবাহিতা মহিলাৰ চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । মহিলাগৰাকীৰ নাম ৰিতুমনি দেৱী বুলি জানিব পৰা গৈছে।

ৰিতুমনি দেৱীক স্বামী মন কুমাৰ নাথে দীৰ্ঘদিন ধৰি যৌতুকৰ নামত হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপিত হৈছে । ৰিতুমনিৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে কচুৱা অাৰক্ষীয়ে মন কুমাৰ নাথক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com