"য’ত পৰিস্কাৰ তাতেই সংস্কাৰ"-ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰৱৰ্তন কৰা Clean & Green Village শীৰ্ষক আঁচনিৰ অধীনত প্ৰতিখন জিলাতে একোখনকৈ গাঁওক আদৰ্শ গাঁও হিচাপে পৰিস্কাৰ-পৰিচন্ন আৰু সেউজ কৰি তোলাৰ পৰিকল্পনাক বাস্তৱায়িত কৰি তোলাৰ লক্ষ্যৰে দেওবাৰে নগাঁৱৰ কাকমাৰী গাঁৱত এক সজাগতা সভা অনুষ্ঠিত হয় ৷ নগাঁও জিলা পানী আৰু অনাময় সমিতিৰ ব্যৱস্থাপনা ত আয়োজিত সভাখনিত নগাঁৱৰ উপায়ুক্ত বিশ্বজিত পেগু, জিলা জনস্বাস্থ্য কাৰিকৰী শীৰ্ষ বিষয়া- কৰ্মচাৰী, মূখমন্ত্ৰীৰ কাৰ্যালয়ৰ 'জনতাৰ চৰকাৰ' ৰ বিষয়াৰ উপস্থিতিত গঁঞা ৰাইজক পৰিস্কাৰ-পৰিচ্ছন্নতা, আৱাসিক আৰু ৰাজহুৱা এলেকা তথা আলি-পদুলি স্বচ্ছতা, প্ৰদুষণমুক্ত জলবায়ুৰ বাবে বনানীকৰণ,সেউজ বিপ্লৱ সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰা হয়। নিজৰ পৰিৱেশটোৰ প্ৰতি সকলো ৰাইজৰ দায়বদ্ধতা থাকিব লাগিব,কেৱল গাঁওখন সেউজীয়া কৰি পুৰস্কাৰ বুটলাৰ বাবে নহয়, ভবিষ্যত ৰ পৰিৱেশৰ বাতাবৰনৰ বাবে গছপুলি ৰোপন কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে জিলা উপায়ুক্তই। শতাধিক ৰাইজ উপষ্ঠিত থকা সভাখনিত গঁঞা ৰাইজে বিভিন্ন অভাৱ অভিযোগ দাখিল কৰে নগাঁও জিলা উপয়ুক্তক। উপায়ুক্ত ই সমুহ সমস্যা সমাধান কৰাৰ অাশ্বাস প্ৰদান কৰে কাকমাৰী বাসীক। সভাৰ শেষত কাকমাৰী গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ সন্মূখত বৃক্ষৰোপন কাৰ্য্যসুচীৰে অনুষ্ঠানৰ সমাপ্তি হয়।
Begin typing your search above and press return to search.