নগাঁৱৰ ঘাঁহীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

নগাঁৱৰ ঘাঁহীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ
Published on

নগাঁৱৰ ঘাঁহী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ঘাঁহী অাঞ্চলিক সমিতিৰ প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়িত হয়। ।বি.জে.পি, অাৰ এছ এচ, বনিয়া গোষ্ঠী মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে ঘাঁহী ৰাজপথ ।কৃষিভূমি অনা কৃষি কাৰ্য্যত ব্যৱহাৰ নকৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ঘাঁহী অাঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।বিগত কেইবছৰ পূৰ্বে প্ৰায় ৫০০০ হাজাৰ বিঘা কৃষিভূমি কৃষক ৰাইজৰ পৰা ক্ৰয় কৰিছিল নগাঁৱৰ কেইবাটাও বনিক গোষ্ঠীয়ে। কৃষি ভূমি ক্ৰয় কৰা সময়ত প্ৰতিশ্ৰুতি দিছিলে যে সেই মাটি কৃষিকাৰ্য্যত ব্যৱহৃত হব কিন্তু সেই প্ৰতিশ্ৰুতি নাৰাখি বৰ্তমান সেই স্থানত উদ্যোগ নিৰ্মানৰ বাবে পাৰম্ভিক পৰ্য্যায়ৰ কাম অাৰম্ভ কৰিছে বনিক গোষ্ঠীয়ে। যাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টী হৈছে অঞ্চলটোৰ কৃষকসকলৰ মাজত। যাৰ ফলশ্ৰুতিত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰুপায়ন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com