নগাঁৱৰ চামগুৰিত প্ৰাক নিৰ্বাচনী হিংসা

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী উত্তেজনা। বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে প্ৰচাৰ অভিযানত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ খেল। ইয়াৰ মাজতে নগাওঁ জিলাৰ চামগুৰিত সংঘটিত হৈছে এক প্ৰাক নিৰ্বাচনী হিংসাৰ। কংগ্ৰেছ আৰু বিজেপিৰ দুটা ফৈদৰ মাজত হোৱা এই খণ্ডযুদ্ধই সাধাৰণ ভোটাৰৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ অংশস্বৰুপে চামগুৰি সমষ্টিত বিভিন্ন দল সংগঠনে নিজৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বুধ বাৰে চামগুৰিৰ বালিজান আঞ্চলত কংগ্ৰেছৰ এটা দল প্ৰচাৰ চলাব যোৱা বিজেপি দলৰ সৈতে মুখামুখি হয়।কংগ্ৰেছৰ দলটোৱে প্ৰচাৰ চলাব যোৱা বিজেপিৰ দলটোক বাহ আৰু কাঠেৰে আক্ৰমণ কৰে। এই আক্ৰমণত ভালেকেইজন বিজেপি সমৰ্থক গুৰুতৰভাবে আহত হয়। ঘটনাৰ খবৰ পায় চামগুৰি আৰক্ষী চকীৰ এটা দল ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু আঘাতপ্ৰাপ্ত কৰ্মী সকলৰ চিকিৎসাৰ দিহা কৰে। অন্যহাতে নগাওঁ সদৰ সমষ্টিৰ অন্তৰ্গত সুতাৰুপাহি অঞ্চলতো বুধ বাৰে অনুৰূপ ঘটনাৰ উৎভৱ হয়। কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব যোৱা বাবে এ অই ইউ ডি এফৰ এটা উগ্ৰ সমৰ্থকৰ দলে চাৰিজন ব্যক্তিক আক্ৰমণ কৰে। এই আক্ৰমণত নজৰুল ইছলাম নামৰ লোকজন গুৰুতৰ ভাবে আহত হয় বাকী তিনিজন লোক সামান্য পৰিমানে আহত হয়। ৰাজ্যত নিৰ্বাচনৰ সময়ত এইদৰে বৃদ্ধিপোৱা হিংসাৰ ঘটনাই সাধাৰণ ভোটাৰ ৰাইজক চিন্তিত কৰি তুলিছে।
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি