নগাঁৱৰ তিনি বৰেণ্য নাট্যকৰ্মীৰ সোঁৱৰণত জিলা পুথিভঁড়ালত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নগাঁৱৰ তিনি বৰেণ্য নাট্যকৰ্মীৰ সোঁৱৰণত জিলা পুথিভঁড়ালত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Published on

নগাঁও জিলাৰ স্বেচ্ছাসেৱী সংগঠন ইউ টাৰ্ণৰ উদ্যোগত মুকুটমনি ফাউণ্ডেচন অাৰু শিল্পচৰ্চাৰ সহযোগত তিনিজন বিশিষ্ট নাট্য সংগঠক,নাট্যকাৰ তথা সংস্কৃতিপ্ৰাণ ব্যক্তি,অভিনেতা ক্ৰমে প্ৰয়াত মুকুটমনি শইকীয়া, গুন মহন্ত আৰু দীপ শৰ্মাক সোঁৱৰণত শনিবাৰে নগাঁও জিলা পুথিভঁড়ালত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানৰ অাৰম্ভনিতে তিনিওগৰাকী বৰেণ্য নাট্যকৰ্মীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে মাল্য প্ৰদান কৰে ক্ৰমে পূণ্যদা বৰা, অপুৰ্ব্ব ভূঞা, লখিমী মহন্ত, নৌচাদ অাখতাৰ হাজৰিকা। সন্ধ্যা তিনিওজন শিল্পীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি প্ৰয়াত দীপ শৰ্মাৰ দ্বাৰা ৰচিত বিশিষ্ট নাট্যকাৰ ,পৰিচালক অজিত বৰঠাকুৰৰ দ্বাৰা পৰিচালিত "হাৰমাল" নাটখনি উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

এই অনুষ্ঠানতে উপস্থিত থাকে কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়া,বিশিষ্ট শিল্পী কৃষ্ণমনি নাথ, প্ৰয়াত তিনিওজনৰে পৰিয়ালবৰ্গ, নাটকৰ সহ-পৰিচালক প্ৰশান্ত শৰ্মা,নাট্যকৰ্মী গগন চৌধৰকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি। এই নাটকখনি প্ৰায় কেইবা শতাধিক দৰ্শকে উপভোগ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com