
বেবেজীয়া ষ্টেচনৰ সমীপৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ। মৃতদেহটো বেবেজীয়া খাটগুৰি গাঁও নিৱাসী মন্টু কুমাৰ নাথৰ পুত্ৰ দীপজ্যোতি না্থৰ বুলি চিনাক্ত কৰা হৈছে।জানিব পৰামতে, মাজনিশা নিজগৃহৰ শোৱাপাটিৰ পৰা হঠাৎ বাহিৰলৈ উঠি অহা যুৱকজন সেই সময়ৰ সন্ধানহীন হৈ আছিল। পুৱা পৰিয়ালৰ লোকে যুৱকজনক বিছাৰি বহু বিচাৰ সোচাৰ কৰাত ঘৰৰ চৌহদতে থকা এটা পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো। অতি অমায়িক, সৎ প্ৰকৃতিৰ যুৱকজনৰ মৃতদেহ এইদৰে উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে। কিছু লোকে এয়া এক অাত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও অন্য একাংশ এয়া এক হত্যাকাণ্ড বুলি ক'ব খোজে। অৱশ্যে, মৃতদেহটোত কোনো ধৰণৰ আঘাতৰ চিন পৰিলক্ষিত হোৱা নাই। ইপিনে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই বেবেজীয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত কাৰ্য আৰম্ভ কৰিছে।