
ভাৰতীয় সংস্কৃতিৰ অংশ স্বৰূপ 'যোগ' মানৱ সমাজৰ বাবে এক ঐশ্বৰিক আশীৰ্বাদ। প্ৰাচীন কালৰেপৰা ভাৰতবৰ্ষ ত ঋষিমুনিসকলে যোগ চৰ্চাত বৰ্তী হৈছিল। বৰ্তমান সময়ত ইয়াৰ চৰ্চা সকলো লোকৰ মাজত জনপ্ৰিয় হৈ উঠিছে।
যোগ চৰ্চাৰ দ্বাৰা শাৰীৰিক স্বাস্থ্যৰ উন্নতি হোৱাৰ উপৰিও মানসিক, সামাজিক, পাৰিপাৰ্শ্বিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ উন্নতি সাধন হয়"- এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ যাদৱ চন্দ্ৰ বৰাই।
আজি নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়া কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নগাঁও জিলা যোগ মঞ্চৰ উদ্যোগত আৰু স্বাস্থ্য মন্দিৰৰ শাখা, বেবেজীয়া যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত জিলাভিত্তিত অনুষ্ঠিত হোৱা যোগাসন প্ৰতিযোগিতা উদ্বোধন কৰি যাদৱ চন্দ্ৰ বৰাই এইদৰে কয়।
উল্লেখ্য যে, দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জিলাভিত্তিক যোগ প্ৰতিযোগিতাৰ পুৱা পতাকা পতাকা উত্তোলন কৰে শিক্ষাবিদ বাণীকান্ত শৰ্মাই। তাৰ পাছতে বন্তি প্ৰজ্বলন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনীমোহন ডেকাই। প্ৰতিযোগিতাখনিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ডেৰশতাধিক যোগচৰ্চাবিদে অংশ লয়।