
নগাঁওৰ শৃঙ্গৰাপত্তিত হত্যা কাণ্ডৰ সৈতে জড়িত মাতৃ আৰু ভাতৃ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে।এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ বাবেই নিজ মাতৃ অাৰু ভাতৃয়ে সোমবাৰে হত্যা কৰিছিল তাজমিনা বেগমক।হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছিল যুৱতী গৰাকীৰ মাতৃ চাহাৰা বেগম অাৰু ভাতৃ চৰফট অালী ।কঠিয়াতলী অাৰক্ষীয়ে অভিযান চলাই নিশা দুই অভিযুক্ত মাতৃ চাহাৰা বেগম অাৰু ভাতৃ চৰফট অালীক গ্ৰেপ্তাৰ ।বৰ্তমান কামপুৰ আৰক্ষী থানাত দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।মাতৃ আৰু ভাতৃ আক্ৰমনত প্ৰাণ গৈছিল যুৱতী গৰাকীৰ। মৃত যুৱতী গৰাকীৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আছিল৷ নিহত যুৱতী গৰাকী তাজমিনা বেগম ৷ প্ৰেমৰ বাবেই এই হত্যা কাণ্ড সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।নগাঁওৰ এই হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্য সৃষ্টি কৰিছিল।