Begin typing your search above and press return to search.
নগাঁৱৰ ৰাজপথৰ দাঁতিত উদ্ধাৰ নৱজাতক

নগাঁও জিলাৰ মাজৰআটিত সংঘটিত হৈছে মানৱতাক ভূ-লুণ্ঠিত কৰা এক জঘন্য কাণ্ড । ৰাজপথৰ দাঁতিত এটি নৱজাতক উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে ।
কোনো হৃদয়হীন লোকে অবৈধ মাতৃত্ব চেকা আতৰাবলৈ নিশা সদ্যোজাত শিশুটিক পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
পুৱা এগৰাকী স্থানীয় বৃদ্ধাই ৰাজপথত খোজকাঢ়ি থকা অৱস্থাত নৱজাতকটি প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ।
জীৱিত অৱস্থাত থকা নৱজাতকটি বৃদ্ধাগৰাকীয়ে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নৱজাতক টিক চিকিৎসালয়ত ভৰ্তি কৰে ।
Next Story